গৰৈমাৰী : এগৰাকী ছাত্ৰীক পাঁচ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণ। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক আক্ৰমণ চলালে পাঁচ জনীয়া দুৰ্বৃত্তৰ দলটোৱে। গুৰুত্বভাৱে আহত ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকৰ ওপৰত চলিল দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণ।

প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে পুনৰ এগৰাকী ছাত্ৰী আক্ৰমণৰ বলি হ’বলগীয়া হ’ল। এই জঘন্য ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাতীশলাত। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত পাঁচ জনীয়া দুৰ্বৃত্তৰ দল এটাই বাটতে ছাত্ৰী গৰাকীক আক্ৰমণ চলায়। ফলত গুৰুত্বৰভাৱে আহত হয় ছাত্ৰী গৰাকী।

হাতীশলা আঞ্চলিক এম ই মাদ্ৰাছাত অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি থকা সময়ত ছাইফুল ইছলামৰ নেতৃত্বত পাঁচ জনীয়া দল এটাই ছাত্ৰী গৰাকীক আক্ৰমণ কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। দুৰ্বৃত্তৰ দলটোৱে আনকি ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোককো আক্ৰমণ চলায়।

জানিব পৰা মতে ছাইফুল ইছলাম নামৰ যুৱকজনে ছাত্ৰী গৰাকীক দীর্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই ছাত্ৰী গৰাকীক আক্ৰমণ চলায় ছাইফুল ইছলামৰ নেতৃত্বত পাঁচ জনীয়া দলটোৱে। ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পৰিয়ালে জোৰশিমুলী আৰক্ষীত এজাহাৰ দাখিল কৰিছে।