গৰৈমাৰী : জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাইছে ছয়গাঁও সমষ্টিৰ ৰাইজে। গৰৈমাৰীত ৰাইজে নিৰ্মাণ কৰিলে পথ। নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিতয়ে কেৱল প্ৰতিশ্ৰুতি দিয়ে বুলি ক্ষোভ উজাৰিলে ৰাইজে। বিধায়ক ৰেকিবুদ্দিন আহমেদক তীব্ৰ সমালোচনা ক্ষোভিত ৰাইজৰ।

নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা লৈ গাঁৱে গাঁৱে ভোট ভিক্ষা কৰি দিছপুৰৰ গাদি দখল কৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে। গাদী দখল কৰি সমষ্টিবাসীক পাহৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে, এই অভিযোগ উত্থাপন কৰিছে বিধায় ৰেকিবুদ্দিন আহমেদৰ সমষ্টিবাসী ৰাইজৰ।

পঞ্চায়ত প্ৰতিনিধিৰো কানসাৰ নাই আৰু জনপ্ৰতিনিধিয়ে পাহৰিলে নিৰ্বাচনৰ পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি বুলি ক্ষোভ উজাৰিলে ৰেকিবুদ্দিন আহমেদৰ সমষ্টিৰ ৰাইজে। কংগ্ৰেছ দলৰ বহুবল্কী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ছয়গাঁও সমষ্টিৰ পঁয়ালগা অৱস্থাই ক্ষোভিত কৰি তুলিছে সমষ্টিবাসীক।

গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কান্দুলীমাৰীৰ পথৰ পঁয়ালগা ছবিয়ে উদোঙাইছে ৰেকিবুদ্দিন আহমেদৰ সমষ্টিৰ উন্নয়নৰ ফোঁপোলাস্বৰূপ। কান্দুলীমাৰীৰ পথটিৰে যাতায়ত কৰাটো অসম্ভৱ হৈ পৰিছে। পথটিৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এম্বুলেন্স সেৱাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে ৰাইজ। অৱশেষত জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই হাতে কামে লাগি পৰিছে স্থানীয় ৰাইজ।

কান্দুলীমাৰীৰ ৰাইজে হাতে হাতে কোৰ বেলচা লৈ নিৰ্মাণ কৰিছে পথটি৷ নিজৰ সমষ্টিৰ উন্নয়নৰ ডাঙৰ ডাঙৰ কথা কোৱা বিধায়ক ৰেকিবুদ্দিন আহমেদক ধিক্কাৰ দিছে ৰাইজে। পথটি মেৰামতি কৰি যাতায়তৰ বাবে উপযোগী কৰি তোলাৰ বাবে ৰাইজে বাৰম্বাৰ বিধায়ক গৰাকীক আহ্বান জনাই আহিছিল যদিও বিধায়ক গৰাকীয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।