গুৱাহাটী, ২৮ জুলাই, ২০২৩ : তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৬ জুলাইত অসমত উপস্থিত হোৱা কেন্দ্ৰীয় আন্তঃমন্ত্ৰ্যালয়ৰ (Central Ministry) ৭ জনীয়া প্ৰতিনিধি দলৰ বানপানীত ক্ষয়-ক্ষতি নিৰীক্ষণৰ শুকুৰবাৰে অন্ত পৰে। বানপানীত ক্ষতিগ্ৰস্ত অসমৰ ৬ খন জিলা আৰু দুটা মহকুমা পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটো অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে অসম সচিবালয়ত মিলিত হয়।

বৈঠকত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। জলসম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ছৈয়দিন আব্বাচীয়ে বৈঠকখনত সভাপতিত্ব কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটো দুভাগত বিভক্ত হৈ বানপানীত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৬ খন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, নলবাৰী, বাক্সা, চিৰাং আৰু বৰপেটাৰ লগতে বজালী আৰু বিশ্বনাথ মহকুমা পৰিদৰ্শন কৰি বানপানীৰ ক্ষয়-ক্ষতি সম্পৰ্কত বুজ লয়।

ক্ষেত্ৰীয় পৰিদৰ্শনৰ অন্তত নামনি অসম ভ্ৰমণ কৰা দলটিয়ে সভাখনত উপস্থিত থকাৰ সমান্তৰালভাৱে উত্তৰ অসম পৰিদৰ্শন কৰা দলটিয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত কেন্দ্ৰীয় প্ৰতিনিধিসকলৰ পৰা ক্ষেত্ৰীয় পৰিদৰ্শন সন্দৰ্ভত মন্তব্য গ্ৰহণ কৰা হয়। পৰিদৰ্শনকালত দৃষ্টিগোচৰ হোৱা তথ্যসমূহ অৱগত কৰি প্ৰতিনিধিদলটোৱে সাহায্য আৰু পুনৰ ব্যৱস্থাপনা ব্যৱস্থা অধিক খৰতকীয়া কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আনহাতে অতিৰিক্ত মুখ্য সচিব এছ আব্বাচীয়ে অসমৰ খহনীয়া দেশৰ আন ৰাজ্যৰ তুলনাত অধিক বুলি কেন্দ্ৰীয় প্ৰতিনিধিসকলক দৃষ্টিগোচৰ কৰে।

ইয়াৰ মূল কাৰণ বালিচহীয়া মাটি বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে বিভিন্ন জিলাৰ উপায়ুক্তসকলক বানপানীৰ প্ৰতিবেদন দাখিল কৰোঁতে জিঅ’ টেগ কৰি উঠোৱা ফটো সন্নিবিষ্ট কৰিবলৈ আহ্বান জনায় যাতে ফটো-ভিডিঅ’ক লৈ কোনো জটিলতাৰ সৃষ্টি নহয়। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা বানপানীৰ ক্ষয়-ক্ষতি আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি সন্দৰ্ভত এখন প্ৰতিবেদনো দাখিল কৰা কৰা হয় আৰু প্ৰয়োজনীয় পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিৰে বিবেচনা কৰিবলৈ অনুৰোধ জনায়। প্ৰতিনিধি দলটোৱে এই সম্পৰ্কত আশ্বাস প্ৰদান কৰে।

অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সমূহ সদস্যকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব চি জি ৰজিনী কান্থনে নেতৃত্ব দিয়া কেন্দ্ৰীয় প্ৰতিনিধি দলটিত শক্তি মন্ত্যালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষৰ উপ সঞ্চালক পূজা কুমাৰ, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰ্যালয়, গুৱাহাটীৰ অধীক্ষক অভিযন্তা সঞ্জয় কুমাৰ সিং, পথ পৰিবহন মন্ত্ৰ্যালয়ৰ গুৱাহাটীৰ আঞ্চলিক বিষয়া এডেলবাৰ্ট চুচাংগী, গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ উপ সচিব সঞ্জয় কুমাৰ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনস্থ মৰাপাট উন্নয়ন সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক জিণ্টু দাস আৰু বিত্ত মন্ত্ৰ্যালয়ৰ ব্যয় বিভাগৰ উপ সঞ্চালক ৰাহুল চৌৰাচিয়াই প্ৰতিনিধিত্ব কৰে।

সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীকে ধৰি বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আৰু সংশ্লিষ্ট জিলাৰ উপায়ুক্তসকলে অংশগ্ৰহণ কৰে।