নিউজ ডেস্ক, ৩১ জুলাই, ২০২৩ : ৰে’লৰ ভিতৰতে গুলী চালনাৰ ঘটনা। জয়পুৰৰ পৰা মুম্বাইলৈ অহা ৰে’লত আৰ পি এফৰ জোৱানৰ গুলী চালনাত ৪ জনকৈ লোক নিহত (Four killed in a firing incident)। মহাৰাষ্ট্ৰৰ পালঘৰ ৰে’ল ষ্টেশ্যনৰ সমীপত সোমবাৰে পুৱতি নিশা ৰে’ল সুৰক্ষা বাহিনীৰ জোৱানে ৰে’লত থকা চাৰিজনকৈ লোকক গুলীয়াই হত্যা কৰে। ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জয়পুৰৰ পৰা মুম্বাইলৈ অহা ৰে’লত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ৰে’লৰ বি ৫ বগীত সংঘটিত হৈছে এই গুলী।চালনাৰ ঘটনা। গুলীচালনাৰ এই ঘটনাত ৪ জনকৈ লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে ৰে’লখনত গুলীচালনাৰ এই ঘটনা পুৱা প্ৰায় ৫ বজাত সংঘটিত হৈছে আৰু গুলী চালনা কৰাজন ৰে’লৱে সুৰক্ষা বাহিনীৰ জোৱান বুলি জানিব পৰা গৈছে। গুলী চালনা কৰা আৰ পি এফৰ কনিষ্টবল চেতন সিঙক ইতিমধ্যে আটক কৰা হৈছে।

পশ্চিম ৰে’লৱেৰ ফালৰ পৰা জনোৱা মতে, পালঘৰ ৰে’ল ষ্টেশ্যন পাৰ হোৱাৰ পিছতে চলন্ত জয়পুৰ এক্সপ্ৰেছ ৰে’লৰ ভিতৰত আৰ পি এফৰ এজন কনিষ্টবলে গুলী চালনা কৰে। গুলী চালনাৰ ঘটনাত এজন আৰ পি এফৰ বিষয়া আৰু ৰে’লখনত থকা আন তিনিজন যাত্ৰী নিহত হয়। গুলী চালনা কৰি চাৰিজনকৈ লোকক হত্যা কৰি আৰ পি এফৰ কনিষ্টবলজন দহিছাৰ ৰে’ল ষ্টেশ্যনৰ সমীপত ৰে’লৰ পৰা জপিয়াই নামি আহে। অভিযুক্ত কনিষ্টবলজনক অস্ত্ৰসহ আটক।কৰি জিম্মাত লোৱা হৈছে।

এগৰাকী বিষয়াই জনোৱা মতে, জোৱানজনে নিজৰ অস্ত্ৰৰে গুলী চালনা কৰি আন এজন আৰ পি এফৰ বিষয়া আৰু ৰে’লত থকা তিনিজন যাত্ৰীক হত্যা কৰে। ৰে’লখন জয়পুৰৰ পৰা মুম্বাইলৈ আহি আছিল। বিষয়া গৰাকীৰ মতে, চলন্ত ৰে’লত অভিযুক্ত আৰ পি এফৰ কনিষ্টবলজনে আৰ পি এফৰ এগৰাকী বিষয়াক গুলীয়াই হত্যা কৰাৰ পিছত আন এটা বগীলৈ গৈ তিনিজন যাত্ৰীক গুলীয়াই হত্যা কৰে। অভিযুক্তজনে মীৰা ৰোড আৰু দহিছাৰৰ মাজত ৰে’লৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও চৰকাৰী ৰে’ল আৰক্ষীৰ জোৱানে তেওঁক আটক কৰে।

বৰিভালি ৰে’ল ষ্টেশ্যনত ৰে’লৰ পৰা মৃতদেহবোৰ উলিয়াই অনা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে অভিযুক্ত আৰ পি এফৰ জোৱানজন বৰ্তমান মীৰা ৰোড ৰে’লৱে আৰক্ষীৰ জিম্মাত আছে। অভিযুক্ত আৰ পি এফৰ জোৱানজনে কি কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।