পাঁচ কিলোমিটাৰ খোজ কাঢ়ি জলাশয়ত আৱদ্ধ হাতীৰ কাষত বনমন্ত্ৰী

ছৰফৰাজ খান, সোণাপুৰ ২৪ মেঃ যোৱা পাঁচদিন ধৰি আমচাং অভয়াৰণ্যৰ এক জলাশয়ত আবদ্ধ হৈ থকা হাতীৰ উদ্ধাৰ অভিযানত নামিল ৰাজ্যৰ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ অৱহেলাৰ বাবে যোৱা পাঁচদিন ধৰি আমচাং অভয়াৰণ্যৰ জলাশয়ত আবদ্ধ হৈ থকা হাতীটোৰ উদ্ধাৰ অভিযানত সক্ৰিয়া ভূমিকা ল’লে বনমন্ত্ৰী গৰাকীয়ে। সোনাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পাহাৰীয়া হাবিৰ মাজত আবদ্ধ হৈ থকা হাতীটোক উদ্ধাৰ কৰিবলৈ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই যি ভূমিকা গ্ৰহণ কৰিলে ই সঁচাকৈ প্ৰশংসনীয়। বনমন্ত্ৰী গৰাকীৰ এই পদক্ষেপৰ পৰা ৰাজ্যৰ অন্যান্য বিভাগৰ মন্ত্ৰী সকলে শিক্ষা লোৱাৰ প্ৰয়োজন। এগৰাকী মহিলাই পাঁচ কিলোমিটাৰ পাহাৰৰ বোকাময় আৰু পিছল ৰাস্তাত খোজকাঢ়ি হাতী উদ্ধাৰ কৰিব যোৱাৰ দৃশ্য আছিল অতিকৈ বিৰল। যি সময়ত বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে কেইগৰাকীমান নিম্ন পৰ্যায়ৰ বনৰক্ষীৰ ওপৰত আঘাতপ্ৰাপ্ত হাতীটো উদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰি নিজৰ দায়িত্ব সামৰিছিল, সেই সময় বনমন্ত্ৰী গৰাকীয়ে পাঁচ কিলোমিটাৰ পাহাৰীয়া পথত খোজকাঢ়ি গৈ উপস্থিত হৈছিল হাতী আবদ্ধ হৈ থকা স্থানত। বনমন্ত্ৰী গৰাকীয়ে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলক ঘটনা স্থলীত দেখা নাপাই খঙত উত্তাল হৈছিল যদিও নিম্ন পৰ্যায়ৰ বনকৰ্মীসকলৰ প্ৰশংসাও কৰে। উল্লেখ্য যে আমচাং অভয়াৰণ্যৰ জলাশয়ত আৱদ্ধ হৈ থকা হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ বাবে উদ্ধাৰ কৰাটো সম্ভৱ নোহোৱাত পশু চিকিৎসকৰ দলে হাতীটোক জলাশয়তে চিকিৎসা প্ৰদান কৰি সুস্থ হোৱাৰ পিছতে হাতীটোক উদ্ধাৰ কৰিব বুলি জানিবলৈ দিয়ে। বৰ্তমান কেবাগৰাকী বনবিষয়া আৰু পশু চিকিৎসকৰ দল হাতীটোৰ পৰ্যবেক্ষণত নিয়োগ কৰা হৈছে।