গুৱাহাটী, ১৫ এপ্ৰিল, ২০২৪ : যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ (BJP) প্ৰাৰ্থী তপন গগৈক কাষত বহোৱাই লৈ ডিব্ৰুগড়ৰ এজন ব্যৱসায়ীয়ে গাড়ীৰ ভিতৰৰ পৰা ৰাইজক ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰি আম আদমি পাৰ্টীয়ে এই কাৰ্যক গৰিহণা দিছে। সমগ্ৰ দেশতে নিৰ্বাচনী আচৰণ-বিধি বলবৎ হৈ থকাৰ মাজতে আৰু ভোটগ্ৰহণলৈ মাত্ৰ কেইটামান দিন থকাৰ সময়ত নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অংগুষ্ঠ দেখুৱাইয়ে এনেদৰে ধন বিতৰণ কৰা ঘটনা সুষ্ঠ গণতন্ত্ৰৰ পৰিপন্থী আৰু ইয়াৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে। আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে আপ, অসমৰ নেতা হেমন্ত ফুকনে।

আপ, অসমৰ নেতা গৰাকীয়ে কয় যে বিজেপিৰ প্ৰাৰ্থী তপন গগৈ কাষত বহি থকা অৱস্থাত তেওঁৰ সতীৰ্থ এজনক এনে অনৈতিক কাম কৰিবলৈ দিয়া কথাই তপন গগৈকে জগৰীয়া কৰে আৰু সেইবাবে নিৰ্বাচন আয়োগে কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰি তপন গগৈৰ প্ৰাৰ্থিত্ব নাকচ কৰে। বিজেপিয়ে ইটোৰ পিছত সিটো নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা দেখিও কিয় আয়োগে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰে আম আদমি পাৰ্টীয়ে। বিজেপিয়ে প্ৰচাৰ চলোৱাৰ দৰে তেওঁলোকে যদিহে যোৱা দহ বছৰত জনতাৰ ভালৰ বাবে কাম কৰিছেই, তেন্তে কিয় এনেদৰে ৰাইজৰ মাজত টকা বিলাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে? কিয় ভুৱা অৰুণোদয়ৰ প-পত্ৰ বিতৰণ কৰিবলগীয়া হৈছে? কিয় ভুৱা প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ প-পত্ৰ বিতৰণ কৰিবলগীয়া হৈছে? আম আদমি পাৰ্টীয়ে এটা কথাই কয়, যদি আমি কাম কৰিছোঁ আমাক ভোট দিয়ক। এনেদৰে কিয় ক’ব নোৱাৰে বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰা বিজেপিয়ে?

বিজেপিয়ে আম আদমি পাৰ্টীৰ পৰা এটা শব্দ চুৰি কৰিছে। ‘গেৰাণ্টী’ শব্দটো। ভাৰতীয় ৰাজনীতিত আম আদমি পাৰ্টী একমাত্ৰ দল যি দলে ভোটাৰক গেৰাণ্টী দি সেইবোৰ বাস্তৱত কৰি দেখুৱাইছে। বিনামূলীয়া বিজুলী, বিনামূলীয়া স্বাস্থ্যসেৱা, বিনামূলীয়া বিশ্ব মানৰ শিক্ষা, মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা, এইবোৰ আম আদমি পাৰ্টীৰ গেৰাণ্টী আৰু এইবোৰ দিল্লী আৰু পঞ্জাবৰ আপ চৰকাৰে কাৰ্যকৰী কৰি দেখুৱাইছে। আপৰ এই গেৰাণ্টী শব্দটো এইবাৰ মোদীয়ে চুৰি কৰিলে। কিন্তু তেওঁ ২০১৪ আৰু ২০১৯ ত দিয়া প্ৰতিশ্ৰুতিসমূহৰ কেইটা ৰূপায়ণ কৰিলে? বছৰি ২ কোটি চাকৰি দিলেনে? কৃষকৰ আয় দুগুণ হ’লনে? সকলোৱে পকী ঘৰ পালেনে? ভাৰত ছুপাৰ পাৱাৰ হ’লনে? গতিকে বিজেপিয়ে যি শব্দই ব্যৱহাৰ নকৰক, দলটোৱে সদায় ৰাইজক আভুৱা ভাঁৰে বুলি অভিযোগ কৰে আপ, অসমৰ নেতা গৰাকীয়ে।