নিউজ ডেস্ক, ১৪ এপ্ৰিল, ২০২৪ : বলিউডৰ চুলতান ছলমান খানৰ ঘৰৰ বাহিৰত দুৰ্বৃত্তৰ গুলী চালনা (Firing)। গুলী চালনাৰ পিছতে পলায়ন দুৰ্বৃত্তৰ। দেওবাৰে পুৱা ৫ মান বজাত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। বাইকত অহা দুৰ্বৃত্তই ছলমান খানৰ ঘৰৰ বাহিৰত ছয় ৰাউণ্ড গুলী চালনা কৰি পলায়ন কৰে। মুম্বাই আৰক্ষীৰ এটা দল অভিনেতা ছলমান খানৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দেওবাৰে পুৱাৰ ভাগতে বলিউডৰ ভাইজান খ্যাত অভিনেতা ছলমান খানৰ অট্টালিকাৰ বাহিৰত দুৰ্বৃত্তই গুলী চালনা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, বাইকত অহা দুৰ্বৃত্তই অভিনেতাজনৰ অট্টালিকাৰ বাহিৰত বতাহত গুলী চালনা কৰি পলায়ন কৰে। পুৱা ৫ মান বজাৰ এই গুলী চালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। মুম্বাই আৰক্ষীৰ এটা দল অভিনেতাজনৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু গুলী চালনা কৰা দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে।

জানিব পৰা মতে আৰক্ষীৰ লগতে তদন্তৰ বাবে অভিনেতা ছলমান খানৰ ঘৰত উপস্থিত হৈছে ফৰেনছিকৰ এটা দল। পুৱা বলিউডৰ তাৰকা ছলমান খানৰ বান্দ্ৰাস্থিত ঘৰৰ বাহিৰত দুজন অচিনাকি লোকে বাইকত আহি গুলী চালনা কৰে। স্থানীয় ৰাইজৰ মতে, হেলমেট পিন্ধা দুজন অচিনাক্ত লোকে বাইকত তীব্ৰ বেগেৰে আহি ছলমান খানৰ বান্দ্ৰাস্থিত গেলাক্সি এপাৰ্টমেণ্টৰ সন্মুখত বতাহত ছয় ৰাউণ্ড গুলী চলাই পলায়ন কৰে। উল্লেখ্য যে দীর্ঘদিন ধৰি পাঞ্জাৱৰ লৰেন্স বিষ্ণোই গেঙৰ একাংশ মাফিয়া গোটৰ ভাবুকিৰ সন্মুখীন হৈছে আছে অভিনেতা ছলমান খান।

বিগত কেইবছৰমানৰ পৰা বলিউডৰ ভাইজান ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানক বিভিন্ন ধৰণেৰে মৃত্যুৰ ভাবুকি দিয়া হৈছে। ছলমান খানৰ পৰিয়াললৈ ভাবুকি প্ৰদান কৰি চিঠিও প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ছলমান খানৰ ঘৰৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে। গুলী চালনাৰ লগত জড়িত লোকৰ সন্ধানত আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ স্কেন কৰি আছে। মুম্বাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এটা দলো ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

গুলী চালনাৰ ঘটনা সংঘটিত হোৱাৰ সময়ত অভিনেতা ছলমান খান ঘৰতে উপস্থিত আছিল বুলি জানিব পৰা গৈছে। পৰিয়ালৰ আন আন সদস্যও ঘৰতে আছিল। ২০১৮ চনত প্ৰথমবাৰৰ বাবে বিষ্ণোই গেঙৰ ফলৰ পৰা ছলমান খানক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছিল। চৰকাৰৰ ফালৰ পৰা অভিনেতা ছলমান খানক ৱাই+ নিৰাপত্তা প্ৰদান কৰা হৈছে। বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ ঘৰৰ বাহিৰত সংঘটিত হোৱা গুলী চালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।