গুৱাহাটী, ১৭ জুন, ২০২৩ : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় শিক্ষাৰ্থীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্ত্তিত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে (AAP) তীব্ৰ সমালোচনা কৰিছে। চৰকাৰী তথ্য মতে পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা অসমত এম বি বি এছ পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা হ’ব ১৫ শ খন আৰু ইয়াৰে ১৫০ খন আসন এন আৰ আইৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

চৰকাৰৰ এই সিদ্ধান্তক অসম বিৰোধী সিদ্ধান্ত বুলি আখ্যা দিছে আম আদমি পাৰ্টীয়ে। যি সময়ত অসমত চিকিৎসকৰ অভাৱ, সেই সময়ত এন আৰ আইৰ বাবে আসন সংৰক্ষণ এক ভুল সিদ্ধান্ত। কাৰণ এই শিক্ষাৰ্থীসকলে শিক্ষা সমাপ্ত কৰাৰ পাছত অসমতে যে সেৱা আগ বঢ়াব তাৰ কোনো নিশ্চয়তা নাই বুলি কয় আম আদমি পাৰ্টীয়ে। তদুপৰি এন আৰ আইৰ সংৰক্ষিত আসনৰ অধীনত ‘নীট’ পৰীক্ষাত যোগ্যতা অৰ্জন কৰা অথচ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে নামভৰ্তিৰ সুৰুঙা থাকি যাব।

যি কাৰ্যই মেধাৱী ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰিব বুলি দলটোৰ ফালৰ পৰা আশংকা প্ৰকাশ কৰা হৈছে। পূৰ্বেও অসমৰ মেডিকেল কলেজকেইখনত সীমিত সংখ্যক আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল। সেই আসনসমূহত ৰাজনৈতিক নেতা, আমোলা বা ধনাঢ্য লোকৰ সন্তানক বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে নামভৰ্তি কৰোৱাৰ অভিযোগ উঠিছিল। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই এই ‘শিক্ষাৰ বেপাৰ’ৰ পৰিসৰ কেবিনেট সিদ্ধান্তৰ জৰিয়তে বৃদ্ধি কৰি ল’লে বুলি দলটোৱে অভিযোগ কৰে।

আম আদমি পাৰ্টীয়ে শিক্ষাক লৈ এনে দুৰ্নীতি কেতিয়াও সহ্য নকৰে আৰু সেইবাবে এন আৰ আইৰ সংৰক্ষণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সৈতে সংপৃক্ত লোক হোৱাৰ বাবেই তেওঁ প্ৰতিটো পদক্ষেপতেই দুৰ্নীতি কৰিব পৰাকৈ ৰাস্তা মুকলি কৰি লয়। যি সময়ত এন আৰ আইৰ সংৰক্ষণৰ বিৰুদ্ধে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতা গঢ়ি উঠিছে, সেই সময়ত অসমৰ চিকিৎসা মহাবিদ্যালসূহত দহ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰী উচ্চ শিক্ষা ব্যৱস্থাক আস্থাহীন কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ।

উল্লেখ যে অন্ধ্ৰপ্ৰদেশত এনে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও ইয়াক বন্ধ কৰা হৈছে। মধ্য প্ৰদেশত ২০১৬ চন পৰ্যন্ত ২৮ খন আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল যদিও জনতাৰ প্ৰতিবাদৰ পাছত ৰাজ্যখনতো এই ব্যৱস্থা উঠাই দিয়া হৈছে। যোৱা বছৰ কৰ্ণাটক চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল যদিও ছাত্ৰ সংগঠনসমূহে আন্দোলনৰ হুংকাৰ দিয়াত এই সিদ্ধান্ত বাতিল কৰে।