গুৱাহাটী : ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথ কপালে সদৌ অসম ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে।

চৰকাৰ বিফল, মূল্যবৃদ্ধিকলৈ মন্ত্ৰী-বিধায়কৰ দায়িত্বহীন মন্তব্য আৰু প্ৰতিদিনে পে’ট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ হুৰহুৰাই বৃদ্ধি পাই থকা মূল্যই সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সুধাইছে। নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা মূল্যবৃদ্ধিৰ মাজতে আহি পাইছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত অসমীয়াই হেঁপাহৰ ৰঙালী বিহুটি পালন কৰিব লাগিব কঙালী বিহু হিচাপে।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দল সমূহৰ লগতে বিভিন্ন দল-সংগঠনে সময়ে সময়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি মূল্যবৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰীত সদৌ অসম ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে কামৰূপ মহানগৰ জিলা উপযুক্তক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ সমদল উলিয়াবলৈ লওঁতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি কয় প্ৰতিবাদকাৰী সকলে।