অমিনুৰ ৰহমান

শিৱসাগৰ : শিৱসাগৰত মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি দুই সংগঠনৰ উত্তাল প্ৰতিবাদ৷ শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু আৰু ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই শিৱসাগৰ নগৰত মূল্যবৃদ্ধৰ বিৰুদ্ধে পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী সকলৰ।

পেট্ৰ’ল আৰু ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অত্যাধিক বৃদ্ধি হোৱাত শিৱসাগৰ দৌলমুখ চাৰি আলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে। সাধাৰন জনতাক মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত চৰকাৰে টেস্কফ্ৰী কাশ্মীৰ ফাইলচ চাবলৈ কোৱাক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদকাৰী সকলে বিৰোধী বিধায়কসকলক বিধানসভাত মূল্যবৃদ্ধিৰ বাবে বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ দাবী জনায়।

কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ শতাধিক সদস্য তথা বিষয়ববীয়াই মূল্যবৃদ্ধি ৰোধ কৰক, জনতাক শোষণ কৰা বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি উত্তাল কৰে তোলে পৰিৱেশ। আনহাতে আছুৰ শিৱসাগৰ জিলা আৰু আঞ্চলিক সমিতিয়ে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে। উল্লেখ্য যে আছুৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।