ধুবুৰী, ১৮ মে’ : বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ (Bike and truck collision)। থিতাতে নিহত হয় তিনিজনকৈ লোক। দুর্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালকজনে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক কৰে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত তিনিজনকৈ লোক নিহত হৈছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত ধুবুৰী জিলাৰ গোলকগঞ্জৰ বেলগুৰিত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। এখন বাইক আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত তিনি বাইক আৰোহী থিতাতে নিহত হয়।

জানিব পৰা মতে গৌৰীপুৰৰ পৰা হালাকুৰা অভিমুখে গৈ থকা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আগমনিৰ বেলগুৰিত তীব্ৰবেগী বাইকখন আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হোৱা তিনি বাইক আৰোহী তিনিজন হৈছে ক্ৰমে জহিৰুল হক, নাসিৰ আলী। আনহাতে নিহত এজন বাইক আৰোহীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

নিহত তিনিওজন বাইক আৰোহীৰ ঘৰ ধুবুৰীৰ হালাকুৰাত বুলি জানিব পৰা গৈছে। দুর্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ এএছ-১৭ডি-৭৪৪৪ আৰু মালবাহী ট্ৰাকখনৰ নম্বৰ এএছ-২৮-এচি-১০০৭। দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে মালবাহী ট্ৰাকখনৰ চালজনে দুর্ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে ট্ৰাক চালকজনক আটক কৰিবলৈ সক্ষম হয়।

দুর্ঘটনাস্থলীত আগমনী আৰক্ষীযৰ লোক উপস্থিত হৈ নিহত বাইক আৰোহী তিনিজনকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ প্ৰেৰণ কৰে। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে তিনিজনকৈ লোক নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। দুর্ঘটনাৰ পিছত বেলগুৰিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্ৰ যান-যঁতৰ সৃষ্টি হৈছিল।