অভয়াপুৰী, ১৮ ছেপ্টেম্বৰঃ নগাঁৱৰ ৰূপহীহাটৰ জুৰীয়াত কালি  এনএছইউআইৰ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ অসমবাসীৰ স্বাভিমান গামোচা জ্বলাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্তলিকা দাহ কৰি সমগ্ৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পৰিষদে ৰূপহীহাট সমষ্টিৰ বিধায়কৰ উপস্থিতিত এনএছইউআইৰ  কৰ্মীয়ে অসমবাসীৰ স্বাভিমান তথা অসমৰ জাতীয় জীৱনৰ পৰিচায়ক গামোচাখন জ্বলাই দিয়া কাৰ্য্যত আশ্চৰ্য্য প্ৰকাশ কৰে৷ লগতে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু উক্ত ঘটনাৰ লগত জড়িত অভিযুক্তসকলক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ দাবী জনায়।