নিউজ ডেস্ক : চাৰ্ভোৰ সোণালী জয়ন্তী উদযাপনৰ মাজতে জনপ্ৰিয় ভাৰতীয় অভিনেতা জন আব্ৰাহামে (John Abraham) শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত এক জাক-জমকতাপূৰ্ণ অনুষ্ঠানত মটৰবাইকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা চাৰ্ভো ৪টি এক্সট্ৰা লুব্ৰিকেণ্ট মুকলি কৰে। “আমাৰ দেশক এক উন্নত ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰিবলৈ সদাপ্ৰস্তুত ব্ৰেণ্ড ইণ্ডিয়ান অইল আৰু চাৰ্ভোৰ সৈতে সহযোগিতা কৰিবলৈ পাই মই যথেষ্ট আনন্দিত হৈছোঁ। আমি একেলগে মিলি চাৰ্ভোক দেশৰ প্ৰতিগৰাকী বাইক ব্যৱহাৰকাৰীৰ বাবে এক এৰাব নোৱাৰা অংশ কৰি তুলিব পাৰিম বুলি মই নিশ্চিত”। অনুষ্ঠানত এইদৰে কয় অভিনেতা গৰাকীয়ে।

উন্নত ৩পি (প্ৰদৰ্শন, শক্তি, সুৰক্ষা) প্ৰযুক্তি ফৰ্মূলাৰে আবেষ্টিত অন্তৰ্নিহিত শক্তি, উচ্চমানৰ ইন্ধন সঞ্চয়ক্ষমতা আৰু ৬০০০ কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া ড্ৰেইন ব্যৱধানৰ সৈতে, নতুনকৈ মুকলি কৰা চাৰ্ভো ৪টি এক্সট্ৰা সঁচাকৈয়ে এক উৎকৃষ্ট উদ্ভাৱন বুলিও তেওঁ কয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইণ্ডিয়ান অইলৰ অধ্যক্ষ এছ এম বৈদ্যই কয়, ‘”লাখ লাখ ভাৰতীয়ৰ হৃদয়ত চাৰ্ভোৰ বিশেষ স্থান আছে আৰু সেয়েহে, এই ঘৰুৱা-উৎপাদিত ব্ৰেণ্ডক প্ৰতিনিধিত্ব কৰাৰ বাবে জন আব্ৰাহাম স্বাভাৱিকতেই আমাৰ প্ৰথম পছন্দ আছিল। মই এইটো জনাবলৈ পাই সুখী যে বজাৰত উপলব্ধ এটি আগশাৰীৰ ব্ৰেণ্ড হিচাপে চাৰ্ভোৱে পৰিৱেশ অনুকূল আৰু বহনক্ষম লুব্ৰিকেটিং তেলেৰে বজাৰৰ পৰিৱৰ্তনশীলতাৰ সৈতে খোজ মিলাবলৈ সক্ষম হৈছে, যিয়ে ভাৰতক এক সেউজ ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিছে।” ২০৪৬ চনৰ ভিতৰত ইণ্ডিয়ান অইলৰ নেট জিৰ’ নিৰ্গমন লক্ষ্যৰ সৈতে সংগতি ৰাখি চাৰ্ভোৱে শক্তি-সঞ্চয়ী, জৈৱ-পচনশীল, দীঘলীয়া নিষ্কাশনযুক্ত আৰু কৃত্ৰিম লুব্ৰিকেণ্টৰ সৈতে প্ৰযুক্তিগত পৰিৱৰ্তনৰ নেতৃত্ব দি আহিছে।

“পৰিৱেশক প্ৰথম স্থান দিয়া ইন্ধন-সঞ্চয়ী লুব্ৰিকেণ্ট হিচাপে চাৰ্ভো ব্ৰেণ্ডক শক্তিশালী কৰি তোলাৰ বাবে আমাৰ কিছুমান অভিলাষী পৰিকল্পনা আছে বুলি জনাবলৈ পাই মই সুখী হৈছোঁ। আমাৰ চাৰ্ভো গ্ৰীণ লুব্ৰিকেণ্টসমূহৰ ৰেঞ্জে বহনক্ষম ভৱিষ্যতৰ প্ৰয়োজনীয়তাক সামৰি লয়। আমি বি এছ ছিক্স বাহনৰ বাবে প্ৰয়োজনীয় লুবৰ লগতে ইভি আৰু উইণ্ডমিলৰ বাবেও লুব্ৰিকেণ্ট বিকশিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ,” ইণ্ডিয়ান অইলৰ সঞ্চালক (মাৰ্কেটিং) ভি সতীশ কুমাৰে অনুষ্ঠানত এইদৰে কয়। চাৰ্ভো গ্ৰীণ বাস্কেটত চাৰ্ভো ৪টি গ্ৰীণ, চাৰ্ভো ট্ৰেক্টৰ গ্ৰীণ, চাৰ্ভো গ্ৰীণমাইল আৰু চাৰ্ভো ৰফ্‌টাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইণ্ডিয়ান অইলৰ ঘূৰ্ণায়মান অৰ্থনীতিৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি আৰু হ্ৰাস-পুনৰ ব্যৱহাৰ- পুনঃপ্ৰস্তুতৰ ধাৰণাটোক পুনৰ দৃঢ় কৰি ৩০% পোষ্ট-কনজিউমাৰ ৰিচাইকেলড ৰেজিন (পিচিআৰ) যুক্ত পাত্ৰ প্ৰৱৰ্তন কৰা হৈছে। ইণ্ডিয়ান অইলৰ লুব্ৰিকেণ্ট ব্ৰেণ্ডেও প্ৰযুক্তিৰ সৈতে খোজ মিলাই নিজৰ অংশীদাৰসকলক সৰ্বশ্ৰেষ্ঠ আৰু উল্লেখযোগ্য মানদণ্ডৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। নিগমে প্ৰতিটো ট্ৰেচিং আৰু ট্ৰেকিংৰ বাবে কিউআৰ কোডৰ সৈতে চাৰ্ভো পেক লেবেল ব্যৱস্থাৰ আৰম্ভ কৰিছে। গ্ৰাহকসকলক লয়েলটি পইণ্টবোৰ সুবিধাজনক আৰু নিৰৱচ্ছিন্নভাৱে লাভ কৰাত সহায় কৰিবলৈ চাৰ্ভো ডোষ্ট এপটোও প্ৰস্তুত কৰা হৈছে।

ভাৰতৰ ১ নং লুব্ৰিকেণ্ট ব্ৰেণ্ড হিচাপে খ্যাত চাৰ্ভো ১৯৭২ চনত ইণ্ডিয়ান অইলে মুকলি কৰিছিল। ফৰিদাবাদত অৱস্থিত, এছিয়াৰ আটাইতকৈ উন্নত প্ৰকল্প, ইণ্ডিয়ান অইলৰ আৰ এণ্ড ডি চেণ্টাৰত প্ৰস্তুত কৰি উলিওৱা চাৰ্ভো হৈছে পেট্ৰ’লিয়াম খণ্ডত চলোৱা ভাৰতৰ থলুৱা প্ৰচেষ্টাৰ প্ৰমাণ। কেইবাদশকজুৰি, চাৰ্ভোৱে ১০০০ সক্ৰিয় লুব্ৰিকেণ্ট গ্ৰেডৰ এক বিস্তৃত ৰেঞ্জ উৎপাদন আৰু বিপণন কৰিবলৈ সক্ষম হৈছে আৰু ৩৭ খন দেশত নিজৰ উপস্থিতিৰে এক আন্তঃৰাষ্ট্ৰীয় স্থান লাভ কৰিছে। এটা ছুপাৰব্ৰেণ্ড হিচাপে চাৰ্ভোৱে প্ৰত্যাহ্বানহীনভাৱে প্ৰতিৰক্ষা, ৰেলৱে, পৰিবহণ, শক্তি, কয়লা, খনি, অটোম’বাইল আৰু তীখাকে ধৰি মূল উদ্যোগসমূহক সেৱা প্ৰদান কৰি আহিছে। মাৰুতি চুজুকি, হুণ্ডাই, টাটা মটৰ্ছ অশোক লিলেণ্ড আৰু মহিন্দ্ৰাৰ দৰে অ’ ই এমসমূহে চাৰ্ভোক পছন্দৰ লুব্ৰিকেণ্ট হিচাপে অনুমোদন জনাইছে।

ইণ্ডিয়ান অইল হৈছে তেল, গেছ, পেট্ৰ’কেমিকেল, আৰু বৈকল্পিক শক্তিৰ উৎসৰ প্ৰায় সকলো ধাৰাতে উপস্থিত থকা বৈচিত্ৰময়, সংহত আৰু শক্তিকেন্দ্ৰ।২০২১-২২ বিত্তীয় বৰ্ষত ২৪,১৮৪ কোটি টকাৰ মুঠ লাভৰ সৈতে, ইণ্ডিয়ান অইল হৈছে দেশৰ সৰ্ববৃহৎ আৰু আটাইতকৈ বিশ্বাসী কৰ্প’ৰেট খণ্ড, যি্যৱ এক বিলিয়নতকৈও অধিক ভাৰতীয়ৰ জীৱন সামৰি লয়। ৩৩,৫০০তকৈ অধিক কৰ্মশক্তি, বিস্তৃত শোধন প্ৰক্ৰিয়া, বিতৰণ আৰু বিপণন আন্তঃগাঁথনি তথা উন্নত গৱেষণা আৰু উন্নয়নমূলক সুবিধাৰ সৈতে, ইণ্ডিয়ান অইলে গ্ৰাহক স্পৰ্শবিন্দুৰ ক্ৰমান্বয়ে বিস্তাৰিত নেটৱৰ্কৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোকক শক্তি প্ৰদান কৰিছে, যি বৰ্তমান ৫০,০০০ ৰো অধিক।