মানকাচৰ : পত্নীক দাৰে খাপিয়াই হত্যাৰ চেষ্টা স্বামীৰ (Husband Attack Wife)। গুৰুত্বৰভাৱে আহত পত্নীক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ।ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলী চালনা।

পত্নীক হত্যাৰ চেষ্টা স্বামীৰ। দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা চলালে স্বামীয়ে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ অন্তৰ্গত ফকিৰগঞ্জত। ফকিৰগঞ্জ থানাৰ অন্তৰ্গত শালকাটা চিনাবাৰি গাঁৱত স্বামীয়ে দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

শনিবাৰে দুপৰীয়াৰ ভাগত ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত চিনাবাৰী গাঁৱৰ ছিদ্দিক আলী নামৰ এজন লোকে পত্নী ৰাশিদা খাতুনক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়। পাৰিবাৰিক সংঘাতৰ ফলত সামান্য কথাতে ছিদ্দিক আলীয়ে পত্নী ৰাশিদা খাতুনক দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা চলায়। ঘটনাৰ পিছতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উত্তেজিত ৰাইজে ছিদ্দিক আলীক শিল দলিয়াই আক্ৰমণ কৰে। পৰিস্থিতি উত্তপ্ত হৈ থকা সময়তে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হৈ শূণ্য লৈ গুলী চালনা কৰি ছিদ্দিক আলীক উদ্ধাৰ কৰি থানালৈ নিয়ে।

ইফালে আহত ৰাশিদা খাতুনক ৰাইজে ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰাশিদা খাতুনক গোৱালপাৰালৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপৰ্ণ বনিয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে।