গুৱাহাটী : অৱশেষত জীৱন নামৰ নাটকখনৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেতা কিশোৰ দাস। মুখত হাঁহি লৈ সকলোকে কন্দুৱাই আঁতৰি গ’ল অভিনেতা কিশোৰ দাস। চিৰিদিনৰ বাবে অজান দেশলৈ গুচি গ’ল অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা অর্জন কৰি সকলোৰে মন জয় কৰা অভিনেতা কিশোৰ দাস।

অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসে শেষ নিশ্বাস ত্যাগ কৰিলে। শনিবাৰে চেন্নাইৰ এখন চিকিৎসালয়ত জনপ্ৰিয় অভিনেতা গৰাকীৰ দেহাৱাসন ঘটে। তেজৰ কৰ্কট ৰোগত আক্রান্ত অভিনেতা গৰাকী দীৰ্ঘদিন ধৰি চেন্নাইৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। শনিবাৰে অভিনেতা গৰাকী অৱশেষত জীৱন যুঁজত পৰাস্ত হৈ সকলোকে কন্দুৱাই গুচি যায়।

জানিব পৰা মতে তেজৰ কৰ্কট ৰোগত আক্রান্ত অভিনেতা কিশোৰ দাস চিকিৎসাধীন অৱস্থাত ক’ভিডত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতা কিশোৰ দাস তেজৰ কৰ্কট ৰোগত আক্রান্ত হৈ প্ৰথমে হেলথ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছিল। উন্নত চিকিৎসাৰ বাবে অভিনেতা গৰাকীক মুম্বাইলৈ নিয়া হৈছিল। পৰৱৰ্তী সময়ত মুম্বাইৰ পৰা চান্নাইলৈ নিয়া হৈছিল অভিনেতা গৰাকীক।

২৮ বছৰীয়া জনপ্ৰিয় অভিনেতা কিশোৰ দাসক অভিনেতা গৰাকীৰ অনুৰাগী আৰু অসমৰ শিল্পী সমাজে আৰ্থিক সাহায্যৰে বহিঃৰাজ্যলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল। অসমৰ পৰা হাঁহি মুখে বহিঃৰাজ্যলৈ চিকিৎসাৰ বাবে যোৱা অভিনেতা গৰাকীৰ ঘূৰি নাহিল অসমলৈ। উল্লেখ্য যে কিছুদিন পুর্বে অভিনেতা কিশোৰ দাস অভিনীত ‘দাদা তুমি দুষ্ট বৰ’ নামৰ ছবিখন মুক্ত পাইছিল।