আজিজ আলী
মুকালমুৱা : সন্ধানহীন আব্দুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল আব্দুৰ ৰহমান। অৱশেষত শনিবাৰে উদ্ধাৰ হয় আব্দুৰ ৰহমানৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্য।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ আব্দুৰ ৰহমান নামৰ এজন লোক শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে নিশাৰ ভাগলৈকে বিভিন্ন স্থনাত বিচাৰ খোজ কৰাৰ পিছতো কোনো সন্ধান লাভ কৰা নাছিল আব্দুৰ ৰহমানৰ। কিন্ত শনিবাৰে আব্দুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ হয়।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘোগাৰ আব্দুৰ ৰহমান নামৰ লোকজনৰ মৃতদেহ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। পুখুৰীত পৰি লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। লোকজনৰ ঘৰৰ পিছফালে থকা পুখুৰীত উদ্ধাৰ হয় মৃতদেহ।

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আব্দুৰ ৰহমানৰ মৃতদেহ মাৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দৰিদ্ৰ আব্দুৰ ৰহমানৰ পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে স্থানীয় লোকে।