আজিজ আলী

বৰপেটা : বৰপেটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বৰপেটাত এগৰাকী মহিলা অধিবক্তাক নৃশংসভাৱে হত্যা। ৰাজপথতে মহিলা অধিবক্তা গৰাকীক হানি খুচি হত্যা দুৰ্বৃত্তৰ। এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। 

বৰপেটাত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰাজপথতে দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে এগৰাকী মহিলা অধিবক্তাক। দুৰ্বৃত্তৰ আক্ৰমণত থিতাতে নিহত হয় ৰিণীমা বেগম নামৰ মহিলা অধিবক্তা গৰাকী। ৰিণীমা বেগম নামৰ মহিলা অধিবক্তা গৰাকীৰ ঘৰ বৰপেটাৰ ভেল্লাত।

বৰপেটা আদালতৰ অধিবক্তা গৰাকীক সোমবাৰে সন্ধিয়াৰ ভাগত বৰপেটালৈ যোৱাৰ সময়ত দুৰ্বৃত্তৰ এটাই চোকা অস্ত্ৰৰে আক্ৰমণ চলায়। তিনি গৰাকী দুৰ্বৃত্তৰ দল এটাই ৰিণীমা বেগমক গাড়ীৰ পৰা নমা চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত থিতাতে নিহত হয় ৰিণীমা বেগম।

দুৰ্বৃত্তৰ দলটোত মটৰ চাইকেলত আহিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰিণীমা বেগমক আক্ৰমণ কৰিয়ে পলায়ন কৰে। বৰপেটা আৰক্ষী থানাৰ নিচেই কাষত বিলৰট্টাৰী চকত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।