শিলচৰ : শিলচৰত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। শিলচৰত আত্মহত্যা কৰিলে এজন আৰক্ষী বিষয়াই। নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰিলে শিলচৰ সদৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শকে। থানাৰ ভিতৰতে আত্মহত্যা কৰিলে গৌৰ বিধু সিঙ নামৰ আৰক্ষী বিষয়াজনে।

শিলচৰত এজন আৰক্ষী বিষয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে। শিলচৰ সদৰ থানাত কৰ্মৰত গৌৰ বিধু সিঙ নামৰ সহকাৰী উপ-পৰিদৰ্শকজনে নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি শিলচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

সোমবাৰে বিয়লিৰ ভাগত আৰক্ষী বিষয়াজনে থানাৰ ভিতৰত নিজৰ চকীত বহি থকা অৱস্থাত নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে। আৰক্ষী বিষয়াজনে কিয় এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এই সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষী বিষয়া গৰাকীৰ পৰিয়ালৰ লোকে থানাত উপস্থিত হৈছে।

শিলচৰ সদৰ থানাৰ ভিতৰতে আৰক্ষী বিষয়া গৌৰ বিধু সিঙৰ আত্মহত্যাৰ খবৰ পাই শিলচৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ থানাত উপস্থিত হৈছে। ইতিমধ্যে আৰক্ষী বিষয়াজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ববে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।