গুৱাহাটী, ১১ ছেপ্টেম্বৰ, ২০২৩ : আফগান বাগবান (Afghan Baghban) ড্ৰাই ফ্ৰুট হাবে সোমবাৰে গুৱাহাটীত ইয়াৰ দ্বিতীয়খন আউটলেট মুকলি কৰে। ২০০৯ চনৰ মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই আউটলেটখন আনুষ্ঠানিকভাৱে মুকলি কৰে। উলুবাৰীত অৱস্থিত আউটলেটখনত আফগানিস্তান, চৌদি আৰৱ, ইৰাণ আৰু তুৰ্কীৰ পৰা আহৰণ কৰা বিভিন্ন প্ৰিমিয়াম মানদণ্ডৰ ড্ৰাই ফ্ৰুট উপলব্ধ আছে।

বিপনীখন মুকলি কৰি মহাদেৱ ডেকাই কয়, “ড্ৰাই ফ্ৰুটবোৰ পুষ্টিৰে ভৰপূৰ আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। সকলোৱে ইয়াক দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে। প্ৰতিদিনে ৰাতিপুৱা কেইটামান ভিজা কাঠবাদাম খালে বা ভোক কমাবলৈ দিনটোত এমুঠি আখৰোট আৰু কাজু খোৱাটোৱে নিশ্চিতভাৱে আমাক সুস্বাস্থ্যৰ দিশত আমাৰ যাত্ৰাত সহায় কৰিব।” আফগান বাগবান ড্ৰাই ফ্ৰুট হাবত উপলব্ধ শুকান ফলৰ মানদণ্ডই তেওঁলোকক বাকীবোৰৰ পৰা পৃথক কৰে।

ইয়াৰ এটা কাৰণ হৈছে যে এইবোৰ প্ৰাকৃতিকভাৱে উৎপন্ন হয়, ননহাইব্ৰিড, জৈৱিক আৰু হাতেৰে সংসাধিত সামগ্ৰী।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি আফগান বাগবান ড্ৰাই ফ্ৰুট হাবৰ প্ৰতিষ্ঠাপক আমান খানে কয়, “আমি বহু প্ৰজন্মৰ পৰা এই ব্যৱসায়ত আছোঁ, সমগ্ৰ বিশ্বৰ পৰা আহৰণ কৰা জৈৱিক শুকান ফল গুৱাহাটীৰ স্বাস্থ্য উৎসাহী সকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইয়াত আছোঁ। গুৱাহাটী চহৰৰ আহাতীগাঁৱত আমাৰ প্ৰথমখন বিপনী গ্ৰাহকে ভালদৰে আদৰি লৈছে সেয়া দেখি আমি এই দ্বিতীয়খন বিপনী লৈ আহিবলৈ সিদ্ধান্ত লৈছিলো।”

উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল আফগান বাগবান ড্ৰাই ফ্ৰুট হাবৰ সহ-প্ৰতিষ্ঠাপক ইছলাম খান মিনজাই আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে টেঞ্জেণ্টৰ প্ৰতিষ্ঠাপক-মুখ্য কাৰ্যবাহী বিষয়া হামাদ বlৰলস্কাৰ। হামাদ বlৰলস্কাৰে তেওঁৰ ভাষণত কয়, “শুকান ফল প্ৰতিটো ভাৰতীয় পৰিয়ালৰ এক অবিচ্ছেদ্য অংশ হৈ আহিছে আৰু বিশেষকৈ উৎসৱৰ সময়ত আৰু মিঠা সুস্বাদু খাদ্য প্ৰস্তুত কৰাৰ সময়ত মুখ্যতঃ খোৱা হয়। ইয়াক স্বাস্থ্যৰ লাভালাভৰ বাবে ব্যাপকভাৱে খোৱা হয়। এতিয়া সকলোৱে স্বাস্থ্যৰ ওপৰত ইমান গুৰুত্ব দিয়াৰ ফলত এইবোৰৰ চাহিদাও বৃদ্ধি পাইছে।”

শুকান ফলৰ উপৰিও, কেশৰ আৰু মৌ তেওঁলোকৰ বিপনীত উপলব্ধ। ব্ৰেণ্ডটোৰ এটা স্বাক্ষৰ সামগ্ৰী পাঞ্জিৰী যি কেইবাটাও শুকান ফলৰ দ্বাৰা গঠিত আৰু এক ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক, ইয়াৰ সোৱাদ ল’ব পাৰিব। আপোনালোকে তুৰ্কীৰ পৰা অহা এক হস্তনিৰ্মিত চকলেটৰো সোৱাদ ল’ব পাৰিব। আফগান বাগবান ড্ৰাই ফ্ৰুট হাবে ২০১৫ চনত হায়দৰাবাদত যাত্ৰা আৰম্ভ কৰিছিল আৰু দক্ষিণ ভাৰতত চাৰিটা আৰু মুম্বাইত এটা বিপনী আছে। গুৱাহাটীৰ বৰ্তমানৰ আউটলেটটোৰ সৈতে ভাৰতত মুঠ সাতটা বিপনী হ’ব। কোম্পানীটোৰ আগন্তুক বছৰবোৰত আন্তৰ্জাতিক বজাৰৰ বাবেও পৰিকল্পনা আছে।