যোৰাবাট, ১১ ছেপ্টেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। এখন বিলাসী বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২১ কোটি টকা। ড্ৰাগছখিনিৰ লগত আটক তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

মহানগৰীৰ যোৰাবাটত এখন বিলাসী বাহনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে ২ কেজি ৫২৭ গ্ৰাম হে’ৰইন জব্দ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে যোৰাবাটত তালাচী চলাই এই বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ হে’ৰইনখিনিৰ বজাৰ মূল্য ২২ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

নিশা যোৰাবাট আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত এনএল-০১-চি এ-১১৯৭ নম্বৰৰ এখন বিলাসী বাহনত তালাচী চলাই জব্দ কৰে এই বুজন পৰিমাণৰ হে’ৰইন। বিলাসী বাহনখনৰ বিভিন্ন ঠাইত অতি কৌশলেৰে লুকুৱাই অনা হৈছিল ১৯৭ টা চাবোনৰ বাকচত এই বুজন পৰিমাণৰ হে’ৰইনখিনি। বিলাসী বাহনখনেৰে হে’ৰইনখিনি মণিপুৰৰ ইম্ফল চহৰৰ পৰা লৈ গুৱাহাটী অভিমুখে আহি আছিল তিনিজন ড্ৰাগছ সৰবৰাহকাৰী।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজন মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী তিনিজন ক্ৰমে আমিৰ খান, ইয়াকুব আৰু জামিৰ। যোৰাবাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে দুই সম্প্ৰদায়ৰ মাজত চলি থকা গোষ্ঠী সংঘর্ষৰ ফলত মণিপুৰ জ্বলি আছে যদিও মণিপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে। যোৰাবাট আৰক্ষীৰ এক সাফল্য অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ এক বৃহৎ সাফল্য বুলি অভিহিত কৰিব পাৰি