আজিজ আলী

মুকালমুৱা : কামৰূপ জিলাৰ সীমান্তৱৰ্তী বৰক্ষেত্ৰীৰ ন-পাৰা পামত ভূ-মাফিয়াৰ তাণ্ডৱ। মাটি দখলৰ চেষ্টা ৫০ জনীয়া দুৰ্বৃত্তৰ। ভূমি দখল কৰিবলৈ অহা দুৰ্বৃত্তৰ দলটোৱে পৰিয়াল এটাৰ লোকক মাৰধৰ কৰি লুটি নিয়ে নগদ ধনসহ ২ লাখ ৫০ হাজাৰ টকাৰ সামগ্ৰী।

বৰক্ষেত্ৰীৰ ন-পাৰা পামৰ আব্দুল জলিল নামৰ এজন লোকে শহুৰ মাটিত ঘৰ সাজি বিগত ১৪ বছৰে বসবাস কৰি আছিল। কিন্ত ৫০ জনীয়া দুৰ্বৃত্তৰ দল এটাই আব্দুল জলিলৰ ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ লোকক মাৰধৰ কৰি প্ৰায় নগদ ধনসহ ২ লাখ ৫০ হাজাৰ টকাৰ সামগ্ৰী লুটি উধাও হয়।

বৰচৰৰ চেকেন্দাৰ আলী, এক্কাবৰ আলী, ছাইদুল্লাহ আলী, ছাত্তাৰ আলী, অবিচান আলী, মানিক আলী, মোতালেব আলী, ৰমজান আলী, ৰূপচান আলী, বাৰেক আলী, আলম আলী, নুৰচান আলী আৰু ওচমান আলীৰ নেতৃত্বত ৫০ জনীয়া দুৰ্বৃত্তৰ দল এটাই হাতে হাতে লাঠি জোং লৈ আব্দুল জলিলৰ বাসগৃহত প্ৰৱেশ কৰেম দুৰ্বৃত্তৰ দলটোৱে ঘৰৰ আচবাব, নথি পত্ৰ, আ-অলংকাৰ, নগদ ডেৰ লাখ টকা, ১০ বাণ্ডিল টিনপাত,৯০ কেবি কাঠ আদি লুটি নিয়ে। পৰিয়ালৰ লোকৰ ওপৰতো আক্ৰমণ চলায় দলটোৱে।

ঘটনাস্থলীত শিয়ালমাৰী আৰক্ষীয উপস্থিত হৈ তদন্ত আৰম্ভ কৰি। কাঠ, টিনপাটৰ লগতে বহু সামগ্রী ছাত্তাৰ আলী আৰু একাব্বৰ আলীৰ গৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে দুৰ্বৃত্তৰ দলটো ভূমি দখলৰ লগতো জড়িত থাকৰ অভিযোগ উত্থাপিত হৈছে।