মানকাচৰ : ৰাজ্য চৰকাৰৰ কঠোৰ গো সুৰক্ষা আইনৰ পিছতো ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। গৰু সৰবৰাহকাৰীয়ে প্ৰতিদিনে সীমান্ত অঞ্চলত থকা বিঘাই বিঘা কৃষি ভূমি বিনষ্ট কৰিছে। গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ ক্ষতিগ্ৰস্ত কৃষকৰ আহ্বান। 

গো সুৰক্ষাৰ বাবে গৰু ছিণ্ডিকেট আৰু গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰে যিমানেই কঠোৰ আইন প্ৰণয়ন নকৰক কিয় মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গৰুৰ চোৰাং সৰবৰাহ বন্ধ হোৱাটো অসম্ভৱ হৈ পৰিছে। উন্মক্ত সীমান্তৰ লগতে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদিও ঢেকীৰ সহযোগত প্ৰতিনিশাই গৰু সৰবৰাহ হয় বাংলাদেশলৈ। মানকাচৰৰ শিশুমাৰা দ্বীপচৰৰ পৰা আৰম্ভ কৰি চেংগুৰচৰ, কুকুৰমাৰা, কাকৰিপাৰা সদৰটিলাৰ সীমান্তয়েদি প্ৰতিনিশাই জাকে জাকে গৰু সৰবৰাহ হয় বাংলাদেশত।

গৰু4 চোৰাং সৰবৰাহকাৰী সকলে গৰু সৰবৰাহ কৰিবলৈ গৈ সীমান্তবৰ্তী এলেকাত থকা বিঘাই বিঘা খেতি বিনষ্ট কৰি পেলায়। বিশেষকৈ চেংগুৰচৰ এলেকাত কৃষক সকলে উৎকট গৰমৰ মাজত মূৰৰ ঘাম মাটিত পেলাই আৰম্ভ কৰিছে ধান খেতি। এই ধান খেতিৰ ওপৰেদি প্ৰতিনিশাই প্ৰায় ৫ শতাধিক গৰু সৰবৰাহ কৰা হয় বাংলাদেশলৈ। ফলত কৃষকৰ কষ্টৰ খেতি বিনষ্ট হ’বলৈ ধৰিছে। অঞ্চলটোৰ প্ৰায় ৭০ জন কৃষকৰ খেতি পথাৰ বিনষ্ট হ’বলৈ ধৰাত কৃষক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিত সৃষ্টি হৈছে।

গৰু সৰবৰাহকাৰী সকলক খেতিৰ ওপৰেদি গৰু সৰবৰাহ নকৰিবলৈ কৃষক সকলে আহ্বান জনায় যদিও সৰবৰাহকাৰী সকলে কৃষক সকলক হত্যাৰ ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ কৃষকে।সীমান্ত অঞ্চলৰ কৃষক সকলে গৰুৰ সৰবৰাহ বন্ধ কৰি সীমান্তবৰ্তী অঞ্চলৰ কৃষক সকলক সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গৰু সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰকবাহিক অভিযান অব্যাহত ৰাখিছে যদিও ইয়াৰ মাজতে একাংশই গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে।