আজিজ আলী
ৰঙিয়া : ৰঙিয়াত ভয়ংকৰ পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হাৰুৱাই গছত খুন্দা মাৰে এখন বাইক। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী। নিহত বাইক আৰোহীজন নালবাৰীৰ অধিবক্তা বুলি জানিব পৰা গৈছে।

কামৰূপ জিলাৰ ৰঙিয়াৰ বালাগাঁৱত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। সোমবাৰে দুপৰীয়া ৰঙিয়াৰ বালাগাঁৱত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুর্ঘটনা। পথ দুর্ঘটনাত থিতাতে নিহত হয় এজন অধিবক্তা।

গুৱাহাটী দিশৰ পৰা নলবাৰী অভিমুখে আহি থকা এএছ-১৪-এন-৮৭৯৮ নম্বৰৰ পালচাৰ বাইক এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মাৰি দ খাৱৈত বাগৰি পৰে। ফলত থিতাতে নিহত হয় এজন লোকজ। নিহত লোকজন নলবাৰীৰ কৈৰাৰাৰ অধিবক্তা গৌতম কলিতা বুলি জানিব পৰা গৈছে।

পথ দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পথ দুৰ্ঘটনাত অধিবক্তা এজনৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ মৃত্যুদূতত পৰিণত হৈছে।