গুৱাহাটী : ৰাজ্যসভাৰ দুখন আসনৰ বাবে তিনি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। সোমবাৰে বিজেপি, কংগ্ৰেছ আৰু ইউ পি পি এলৰ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ। বিজেপিয়ে ৰাজ্যসভাৰ এখন আসনৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে এখন আসন এৰি দিছে মিত্ৰজোঁটৰ দল ইউপিপিএল’ক। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা বিজেপি আৰু ইউপিপিএলৰ প্ৰাৰ্থীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আগন্তক ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনকলৈ শাসক আৰু বিৰোধী তৎপৰ। শাসকীয় বিজেপি দলে ৰাজ্যসভাৰ দুয়োখন আসনত বিজয় সাব্যস্ত কৰিব বুলি আত্মবিশ্বাসী। ইফালে ৰাজ্যসভাৰ এখন আসন বিৰোধীয়ে নিজৰ দখলত ৰখাৰ বাবে উঠি পৰি লাগিছে। বিৰোধী দল সমূহে ৰাজ্যসভাৰ এখন আসন দখল কৰাৰ বাবে একত্ৰিত হৈছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিপুন বৰাক সমৰ্থন জনাইছে বিৰোধী দল সমূহে।

সোমবাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ৰিপুন বৰাই প্ৰথমে মনোনয়ন পত্ৰ দাখিল কৰে। ৰিপুন বাৰই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰকী বিধায়ক আৰু নেতা। ৰিপুন বৰাক সংগ দিয়ে এআইইউডিএফৰ কেইবাগৰকী বিধায়কৰ লগতে চিপিআই(এম) বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ।

ৰিপুন বৰাই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বিৰোধী দল সমূহৰ মুঠ ৪৩ গৰাকী বিধায়ক উপস্থিত থাকে। উল্লেখ্য যে কংগ্ৰেছ দলৰ পৰা নিলম্বিত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ বিৰোধীৰ প্ৰাৰ্থী ৰিপুন বৰাক সমৰ্থন জনাই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত থাকে। আনহাতে কংগ্ৰেছ দলৰ পৰা নিলম্বিত ৰহা সমষ্টিৰ আনজন বিধায়ক উপস্থিত নাথাকে ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত। তিতাবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়কৰ ভাস্কৰ বৰুৱাও ৰিপুন বৰাক সংগ দিয়া দেখিবলৈ পোৱা যায়।

কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিপুন বৰাই মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহে বিজেপি আৰু ইউপিপিএল দলৰ দুয়ো প্ৰাৰ্থীয়ে। ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউপিপিএল দলৰ ৰণগৌড় নাৰ্জাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌড় নাৰ্জাৰীক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি দলৰ কেইবাগৰকী নেতাৰ লগতে উপস্থিত থাকে প্ৰমোদ বড়ো।