Abdul Awal Ahmed

মানকাচৰ, ২৪ অক্টোবৰ, ২০২৩ : সমাগত লোকসভা নিৰ্বাচন (Loksabha Election)। লোকসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমালৰ ভেটিত খহনীয়া। বদৰুদ্দিন আজমালৰ ভোট বেংকে আস্থা হেৰুৱাইছে এ আই ইউ ডি এফৰ প্ৰতি। দলটোৰ কৰ্মীৰে মোহ ভংগ হৈছে দলটোৰ প্ৰতি। পাঁচ শতাধিক এ আই ইউ ডি এফৰ কৰ্মীয়ে দলটোৰ প্ৰতি আস্থা হেৰুৱাই কাষ চাপিছে কংগ্ৰেছৰ।

এ আই ইউ ডি এফৰ শিবিৰত আঘাত হানি পাঁচ শতাধিক কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছ দলত। বদৰুদ্দিন আজমলৰ সমষ্টিতে এ আই ইউ ডি এফৰ ভেটিত খহনীয়া আৰম্ভ হৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ বাবে ই এক চিন্তনীয় বিষয়া। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ দল দক্ষিণ শালমাৰা-মানকাচৰত খহনীয়াৰ কবলত পৰিছে।

মানকাচৰত প্ৰায় পাঁচ শতাধিক এ আই ইউ ডি এফ দলৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। সমাগম লোকসভা নিৰ্বাচনৰ পূৰ্বে দল ত্যাগ কৰাৰ জোৱাৰ উঠিছে মানকাচৰত। মানকাচৰৰ কঠালবাৰী গাঁৱত এ আই ইউ ডি এফ দলৰ পাঁচ শতাধিক কৰ্মী এ আই ইউ ডি এফ দলৰ প্ৰতি আস্থা হেৰুৱাই আৰু কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

সোমবাৰে নিশা মানকাচৰৰ কঠালবাৰী গাঁৱত কংগ্ৰেছ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান কাৰ্যসূচীত ফেকামাৰী জিলা পৰিষদ এলেকাৰ কঠালবাৰী গাঁৱৰ বাসিন্দা তথা সমাজ সেৱক আলতাব হুছেইনৰ নেতৃত্বত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ উপাধ্যক্ষ তথা মানকাচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেতা মহিবুৰ ৰহমানৰ উপস্থিতিত এ আই ইউ ডি এফ দলৰ পাঁচ শতাধিক কৰ্মী আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

উল্লেখ্য যে সম্প্ৰতি মানকাচৰ বিধানসভা সমষ্টি এ আই ইউ ডি এফ দলৰ দখলত আছে যদিও এ আই ইউ ডি এফ দলৰ প্ৰতি আস্থা হেৰুৱাইছে মানকাচৰৰ বহু এ আই ইউ ডি এফ কৰ্মীয়ে। ইয়াৰে পৰিপ্ৰেক্ষিতত পাঁচ শতাধিক এ আই ইউ ডি এফ দলৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ উপাধ্যক্ষ তথা মানকাচৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেতা মহিবুৰ ৰহমানে কয় যে বিগত কেইবাদিন ধৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচী চলি আছে আৰু নৱেম্বৰ মাহত জিলাখনৰ বহু লোক কংগ্ৰেছ দলত যোগদান কৰিব।