গুৱাহাটী, ২৪ অক্টোবৰ, ২০২৩ : অব্যাহত আছে গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটাৰ (Water Pipe Blast) ধাৰা। গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। মঙলবাৰে দুপৰীয়াৰ ভাগত পানীৰ পাইপ ফুটি ৰাজপথৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰাত যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে। এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পানীৰ পাইপ ফুটা অঞ্চলটোত।

জল ৱৰ্ডৰ কামৰ নমুনা! পানীৰ পাইপ ফুটাৰ ধাৰা অব্যাহত আছে। পুনৰ মহানগৰীত পানীৰ পাইপ ফুটি এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। পুনৰ এবাৰ জু-ৰোড অঞ্চলত ফুটিল পানীৰ পাইপ। জু-ৰোডৰ হাতীগড় চাৰিআলিত ফুটিল পানীৰ পাইপ। পানীৰ পাইপ ফুটি ৰাজপথৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰাৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে হাতীগড় চাৰিআলিত।

উল্লেখ্য যে কিছু মাহ পূৰ্বেও জু-ৰোডত ৰাজগড় আৰু কমাৰ্চ কলেজ লিংক ৰোডত পানীৰ পাইপ ফুটি কেইবাখনো বাহনৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি সাধন। বহু লোকৰ ঘৰত একাঁঠু পৰ্যন্ত পানীৰ তলত ডুব গৈছিল। অৱশ্যে কোনো লোক হতাহত হোৱা নাছিল। “জলবোমাৰ ওপৰত বসবাস কৰি আছে গুৱাহাটী মহানগৰবাসী, যিকোনো সময়তে মহানগৰীৰ যিকোনো ঠাইত বিস্ফোৰণ ঘটিব পাৰে এই জলবোমাৰ”। এই ভাষ্য আছিল পানীৰ পাইপ ফুটি ক্ষতি সাধন হোৱা লিংক ৰোডৰ একাংশ লোকৰ।

লিংক ৰোডত দুপৰীয়াৰ ভাগত ভয়ংকৰ জল বিস্ফোৰণৰ পৰা বহু লোক কথমপী ৰক্ষা পৰিছিল যদিও বিস্তৰ ক্ষতি সাধন হৈছিল। জু-ৰোড আৰু ৰাজগড়ৰ মাজত জল বৰ্ডৰ পাইপ বিস্ফোৰণ ঘটাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। পানীৰ পাইপ ফুটি মুহূৰ্ততে পানীৰ ঢৌৱে জলমগ্ন কৰিছিল সমগ্ৰ অঞ্চলটো। পানীৰ লগত ওলাই অহা শিল পৰি কেইবাখনো বাহনৰে ক্ষতি সাধন হোৱাৰ লগতে অঞ্চলটোৰ বহু কেইটা ব্যৱসায়ীক প্ৰতিষ্ঠান ডুব গৈছিল পানীৰ তলত।

উক্ত ঘটনাত কেইবালক্ষাধিক টকাৰ ক্ষতি সাধন হৈছিল ব্যৱসায়ীক প্ৰতিষ্ঠান কেইটাৰ। অঞ্চলটোৰ বহু লোকৰ ঘৰত পানী সোমাই বহু সামগ্ৰী অনিষ্ট হৈছিল। বহু লোকৰ ঘৰ একাঁঠু পৰ্যন্ত পানীত ডুব গৈছিল। অৱশ্যে এই ভয়ংকৰ ঘটনাত কোনো লোকে হতাহত নাছিল। পানীৰ পাইপ বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ বিস্ফোৰণ ঘটা পাইপটো মেৰাপতি কৰিছিল। জল ৱৰ্ডৰ কামৰ নমুনাত ক্ষোভিত হৈ স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছিল।

ইয়াৰ পূৰ্বে মহানগৰীৰ খাৰঘুলি অঞ্চলত পানীৰ পাইপ বিস্ফোৰণ হৈছিল। খাৰঘুলি জয়পুৰত পানীৰ পাইপ বিস্ফোৰণ ঘটি পানীৰ ঢৌৱে উটুৱাই নিছিল অঞ্চলটোৰ কেইবাটাও ঘৰ। পানীৰ উৰ্ধমুখী সোঁতে উটুৱাই নিছিল ৰাজপথৰ ওপৰত থকা কেইবাখনো বাহন। পানীৰ পাইপ ফুটি অঞ্চলটোত বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে এগৰাকী মহিলাৰে মৃত্যু হৈছিল। এই ভয়ংকৰ ঘটনাত আহত হৈছিল কেইবাজনো লোক। ইয়াৰ পিছতো শিক্ষা লোৱা নাই জল বৰ্ড তথা গুৱাহাটী উন্নয়ন বিভাগ।