আজিজ আলী
নলবাৰী : নলবাৰীত পাঁচ বছৰে অৰ্ধসম্পন্ন হৈ থকা উৰণীয়া সেঁতুৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী। উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্যসূচী।

নলবাৰী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰৰ সমীপত নলবাৰীৰ ৰাইজৰ সুবিধাৰ্থে ২০১৭ চনত প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়তে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। অতি পৰিতাপৰ বিষয় যে আজিলৈকে উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল। অতি লেহেমীয়াকৈ নিৰ্মাণ কাম আৰম্ভ হোৱাৰ বাবে ৰাইজে দূৰ্ভোগ ভূগিব লগীয়াত পৰিছে।

উক্ত উৰণীয়া সেঁতুখন অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ বাবে কেইবাটাও দল-সংগঠণ তথা ৰাইজে বিভাগীয়া কতৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনোধৰণৰ সঁহাৰি নাপালে। ফলত শনিবাৰে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ সমীপত সমৱেত হৈ গণ বিক্ষোভ কাৰ্যসূচী হাতত লয়।

গণ বিক্ষোভস্থলীৰ পৰা বিক্ষোভকাৰী সকলে লোকনিৰ্মাণ বিভাগ হয় হয়, গৃহ বিভাগ হয় হয়, উৰনীয়া সেঁতুৰ কাম শিঘ্ৰে কৰক আদি শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰি তুলে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰী সকলে অতি শিঘ্ৰে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সমন্ন নহ’লে অনাগত দিনত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।