কলগাছিয়া : এজন আৰক্ষী বিষয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চুৰিৰ মোবাইল ফোন উদ্ধাৰ কৰি স্বত্বাধিকাৰীৰ ঘৰে ঘৰে গৈ মোবাইল ফোন গতাই দিয়া আৰক্ষী বিষয়াজনকলৈ চলিছে চর্চা। আৰক্ষী বিষয়াজনৰ নাম ওম প্ৰকাশ তিৱাৰী। বৰ্তমান কলগাছিয়া থানাত কৰ্মৰত ওম প্ৰকাশ তিৱাৰী।

বৰপেটা জিলাৰ কলগাছিয়া থানাত কৰ্মৰত ওম প্ৰকাশ তিৱাৰী নামৰ এজন আৰক্ষী বিষয়াই চুৰিৰ মোবাইল ফোন উদ্ধাৰ কৰি স্বত্বাধিকাৰীৰ ঘৰে ঘৰে গৈ মোবাইল ফোন গতাই দি চৰ্চৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত চুৰি হোৱা মোবাইল ঘূৰাই পাই আৰক্ষী বিষয়াজনক ধন্যবাদ জনায় মোবাইল ফোনৰ স্বত্বাধিকাৰী সকলে।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা, শৰিয়াতপুৰ, ডিমাপুৰত আদি অঞ্চলৰ পৰা বিভিন্ন সময়ত মোবাইল ফোন চুৰি হৈছিল। মোবাইল ফোনৰ গৰাকীয়ে মোবাইল ফোন চুৰি হোৱা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহৰৰ ভিত্তিত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰীয়ে মোবাইল ফোন ট্ৰেক কৰি উদ্ধাৰ কৰা তিনিখন মোবাইল ফোন।

পৰৱৰ্তী সময়ত ওম প্ৰকাশ তিৱাৰী নামৰ আৰক্ষী বিষয়াজনে ঘৰে ঘৰে হৈ মোবাইল ফোনৰ স্বত্বাধিকাৰী সকলৰ হাতত গতাই দিয়ে উদ্ধাৰ হোৱা মোবাইল ফোন তিনিটা। হেৰুওৱা মোবাইল ফোন পুনৰ ঘূৰাই পাই মোবাইল ফোনৰ স্বত্বাধিকাৰী সকলে বৰপেটা আৰক্ষীৰ লগতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰীক ধন্যবাদ জ্ঞাপন কৰে।