আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : পুনৰ অসম আৰক্ষীৰ গুণ্ডাগিৰি। এইবাৰ শিৱসাগৰত এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুণ্ডাগিৰিৰ অভিযোগ। শিৱসাগৰত সুৰাৰ ৰাগীত মাতাল হৈ এজন আৰক্ষী বিষয়াই গুণ্ডাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ দিবলৈ যোৱা ৰাইজক গুলীয়াই মৰাৰ ভাবুকি দিয়াৰ অভিযোগ।

অসম আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডৰ ফলত অসম আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাইছে সৰ্বসাধাৰণ ৰাইজে। এফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অসম আৰক্ষীক সৰ্বসাধাৰণ ৰাইজৰ লগত নম্ৰ হ’বলৈ আহ্বান জনায় আৰু আনফালে অসম আৰক্ষীৰ একাংশ আৰক্ষী বিষয়াৰ ব্যৱহাৰে ৰাইজক অতিষ্ঠ কৰি তুলিছে।

নগাঁৱত আৰক্ষীয়ে এজন প্ৰাক্তন ছাত্ৰ নেতাক গুলীয়াই ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ ঘটনাৰ পিছত মহানগৰী গুৱাহাটীত এজন লোকক আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ ঘটনাই অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে। এইবাৰ শিৱসাগৰত এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সৰ্বসাধাৰণ ৰাইজৰ লগত গুণ্ডাগিৰি কৰি অসম আৰক্ষীৰ নাক-কান কাটিলে।

শিৱসাগৰ জিলাৰ চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদেব সিঙৰ বিৰুদ্ধে উত্থাপিত হৈছে গুণ্ডাগিৰি কৰাৰ অভিযোগ। নিশা সুৰাৰ ৰাগীত মাতাল হৰদেব সিঙে সৰ্বসাধাৰণ ৰাইজক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী চকীত এজাহাৰ দিবলৈ যোৱা লোকক আৰক্ষী বিষয়াজনে মাৰপিটি কৰাত মহিলাসহ কেইবাজনো লোক আহত হৈছে।

অভিযোগ অনুসৰি চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ এজন লোকৰ ঘৰৰ পৰা এটা পানী মটৰ চুৰ হৈছিল। ৰাইজে মুহিবুল আলী নামৰ এজন লোক পানীৰ মটৰ চুৰি কৰাৰ সন্দেহত মুহিবুল আলীক আটক কৰি চেৰেকাপাৰ আৰক্ষী চকীলৈ নিয়ে। কিন্তু আৰক্ষী চকীখনৰ সুৰমত্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদেব সিঙ খৰ্গহস্তহৈ পৰে ৰাইজৰ ওপৰত। অভিযোগ দিবলৈ যোৱা ৰাইজক আৰক্ষী বিষয়াজনে মাৰপিটি কৰে।

সুৰমত্ত আৰক্ষী বিষয়া হৰদেব সিঙৰ আক্ৰমণত মহিলাসহ কেইবাজনো লোক আহত হয়।আৰক্ষী বিষয়াজনৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিটল গগৈ, ৰাহুল গগৈ, সুখদেৱ ৰবি দাসকে ধৰি দহজনৰো অধিক লোক।।আৰক্ষী চকীত গোচৰ দিবলৈ যোৱা ৰাজীৱ গগৈও আহত হয়। আৰক্ষী বিষয়াজনে পিষ্টল দেখুৱাই সকলোকে গুলীয়াই মৰাৰো ভাবুকি দিয়ে বুলিও ভুক্তভোগী সকলে জানিবলৈ দিয়ে।