নগাঁও : নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবাখনো দোকান ভস্মীভূত। এই বিধ্বংসী অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি জুইত জাহ যায়। কেইবাখনো দোকানৰ লগতে অগ্নিকাণ্ডত এজন লোকৰ বাসগৃহৰো ক্ষতি সাধন হয়।

শনিবাৰে মাজনিশা নগাঁও চহৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত ৮ খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। নগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ সমীপৰ মণিৰাম দেৱান পথত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত ৮ খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে তৌফিক আহমেদ নামৰ এজন লোকৰ বাসগৃহৰো ক্ষতি সাধন হয়। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত তৎপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত দীর্ঘ সময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ পিছত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। এই বিধ্বংসী অগ্নিকাণ্ডত কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।