আব্দুল হক

নগৰবেৰা : নগৰবেৰাত বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় কোটি টকাৰ সম্পত্তি। নগৰবেৰাৰ এজন ব্যৱসায়ীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন।

সোমবাৰে পুৱাৰ ভাগত নগৰবেৰাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। নগৰবেৰা বজাৰৰ ব্যৱসায়ী দুলাল সাহাৰ বাসগৃহত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুলাল সাহা নামৰ ব্যৱসায়ীজনৰ বাসগৃহৰ পাঁচটাকৈ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত দুলাল সাহাৰ ঘৰৰ কোটি টকাৰ সম্পত্তি জাহ যায়। জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলায় যদিও জুইৰ লেলিহান শিখাই দুলাল সাহাৰ বাসগৃহ আগুৰি ধৰাত পাঁচটাকৈ কোঠা ভস্মীভূত হয়। অগ্নিকাণ্ডত দুলাল সাহাৰ ঘৰৰ মূল্যবান সামগ্ৰীৰ লগতে বহু নথিপত্ৰ জাহ যায়।

অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে নগৰবেৰা বজাৰখন। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।