গুৱাহাটী, ২৩ জুন, ২০২৩ : নীলাচল পাহাৰত (Nilachal Pahar) উখল মাখল পৰিৱেশ। লাখ লাখ ভক্তৰ সমাগম নীলাচল পাহাৰত। অম্বুবাচী মেলাক লৈ নীলাচল পাহাৰত এই পৰিৱেশ। নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ অম্বুবাচী প্ৰবৃত্তি। তিনি দিন পৰ্যন্ত ভক্তৰ বাবে বন্ধ থাকিব মা কামাখ্যাৰ (Kamakhya Mandir) মুখ্যদ্বাৰ। ২৬ তাৰিখে অম্বুবাচীৰ নিবৃত্তিৰ পিছতে খোল খাব দেৱীৰ মুখ্যদ্বাৰ।

নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ মুখ্যদ্বাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হোৱাৰ বাবেই দেৱীৰ মুখ্যদ্বাৰ ভক্তৰ বাবে আগন্তক তিনি দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে। ২৬ তাৰিখে (সোমবাৰ) বিয়লি ২ বাজি ৫৪ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ পিছতে ভক্তৰ বাবে মা মুখ্যদ্বাৰ মুকলি কৰি দিয়া হ’ব। অম্বুবাচী মেলাৰ বাবে মন্দিৰৰ মুখ্যদ্বাৰ তিনিদিনৰ বাবে বন্ধ থকাৰ পাছত মা’ৰ দৰ্শনৰ বাবে ২৬ তাৰিখে সম্পূৰ্ণ পৰস্পৰাগত নীতি-নিয়ম অনুসৰি মুখ্যদ্বাৰ খুলি দিয়া হ’ব।

এই তিনি দিন দেৱীৰ মুখ্যদ্বাৰ বন্ধ থকা সময়ৰ শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ চৌহদত লাখ লাখ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়। প্ৰতিবছৰে অম্বুবাচী মেলাৰ সময়ত শক্তিপীঠত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমন ঘটে। ভক্ত সকলৰে লগতে হাজাৰ হাজাৰ সাধু-সন্যাসীৰে ভৰি পৰে নীলাচল পাহাৰ। এই তিনি দিন দেৱীৰ দৰ্শন নিষিদ্ধ থকাৰ বাবে ভক্ত সকলে মন্দিৰৰ চৌহদত থাকি নাম-কীৰ্তন কৰাৰ লগতে মন্দিৰৰ বাহিৰত ধূপ-ধুনা জ্বলাই দেৱীৰ পূজা-অৰ্চনা কৰে।

২৬ তাৰিখে (সোমবাৰে) নিবৃত্তিৰ পিছত মন্দিৰৰ মুখ্যদ্বাৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা-অৰ্চনা কৰি ভক্ত তথা দৰ্শকৰে দেৱীক দৰ্শন কৰিব। ইফালে অম্বুবাচী মেলাৰ বাবে এই তিনি নীলাচল পাহাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে জিলা প্ৰশাসনে। সুকলে মেলাখন চলাই নিয়াৰ বাবে প্ৰশাসনক লগতে জড়িত হৈ আছে বহু স্বেচ্ছাসেৱক। মন্দিৰত সংস্থাপন কৰা হৈছে চি চি টিভি কেমেৰা। ভক্ত সকলক উৎকট গৰমৰ পৰা ৰক্ষা কৰাৰ বাবে ‘ৰেডিয়েণ্ট কুলিং ছিষ্টেম’ৰ ব্যৱস্থা কৰে হৈছে মন্দিৰ প্ৰাংগণত।

উল্লেখ্য যে কামাখ্যা মন্দিৰ ৫১ টা শক্তিপীঠৰ ভিতৰত অন্যতম। প্ৰৰিবছৰে অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। অম্বুবাচী হৈছে হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস অনুসৰি আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় আৰু এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে। শক্তিপীঠ কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে।