গুৱাহাটী, ২৪ জুনঃ কামাখ্যা মন্দিৰত চলি থকা অম্বুবাচী মেলাৰ সৈতে সংগতি ৰাখি অসম পর্যটন উন্নয়ন নিগমৰ সহযোগত হস্তাক্ষৰে আয়োজন কৰা অম্বুবাচী বিশেষ চিত্র প্রদর্শনীখন মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পৰ কলা-বিথিকাত আৰম্ভ হৈছে। চিত্র প্রদর্শনীখন মুকলি কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। অম্বুবাচীক মূল বিষয় হিচাপে লৈ প্রথমবাৰৰ বাবে আয়োজন কৰা এই বিশেষ চিত্র প্রদর্শনীখনত অসমৰ ৩০ গৰাকী ন-পুৰণি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠা মুঠ ৫১ খন শিল্পকর্মেৰে সজ্জিত হৈছে । ড্রপছ অৱ ডিভাইনিটি শীর্ষক প্রদর্শনীখনৰ সন্দৰ্ভত আয়োজক হস্তাক্ষৰৰ কর্মকর্তা বিদিশা দাসে কয় যে, অম্বুবাচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এয়েই প্রথম চিত্র প্রদর্শনী। চিত্র শিল্পৰ মাধ্যমেৰে কামাখ্যা তথা অম্বুবাচী সন্দৰ্ভত এক স্পষ্ট চিত্ৰ মনত কঢ়িয়াই লৈ যাবলৈ সক্ষম হ’ব পর্যটক তথা দর্শণাৰ্থীসকল। প্রদর্শনীখন ৰবিবাৰৰ সন্ধিয়ালৈ দৰ্শকৰ বাবে মুকলি থাকিব।