ৰঙিয়া, ২৪ জুনঃ ৰঙিয়া আৰক্ষীয়ে চাৰি দুৰ্ধষ ডকাইতক আটক কৰে। বেংক ডকাইতিৰ লগত জড়িত চাৰিজন ডকাইতক ৰঙিয়া আৰক্ষীয়ে বাক্সা আৰু নলবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা আটক কৰে। ধৃত ডকাইত কেইজন ক্ৰমে আলী হুছেইন , ৰেজাক আলী, আবুল হুছেইন আৰু হজৰৎ আলী। জানিব পৰা মতে, এমাহ পূৰ্বে কামৰূপৰ সোনেশ্বৰত সংঘটিত বেংক ডকাইতিৰ লগত লিপ্ত আছিল এই চাৰিজন দুৰ্ধষ ডকাইত। দলটোৱে বেংকটোৰ পৰা প্ৰায় ২৩ লাখ টকা লুটি নিছিল। ডকাইত কেইজনৰ পৰা ৰঙিয়া আৰক্ষীয়ে ১ লাখ ৫৪ হাজাৰ উদ্ধাৰ কৰাৰ লগতে  ডকাইতিত ব্যৱহাৰ কৰা টাটা চুমুখনো জব্দ কৰে। ইয়াৰ উপৰিও কামৰূপ জিলাত সংঘটিত বিভিন্ন অপৰাধৰ লগতো এই ডকাইটৰ দলটো জড়িত আছিল৷