মানকাচৰ : বিধায়ক পুঁজিৰ ধনেৰে এম্বুলেন্স সেৱা (Ambulance Service) মুকলি। তিনিখনকৈ এম্বুলেন্স প্ৰদান বিধায়ক পুঁজিৰ ধনেৰে। কোটি টকাৰে নিৰ্মাণ কৰা জিলা অসামৰিক চিকিৎসালয়ৰ কামত ঠিকাদাৰৰ দ্বাৰা ভয়াবহ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। চিকিৎসালয় নিৰ্মাণৰ কামৰ দায়িত্বত থকা অভিযন্ত্ৰাজনক উপায়ুক্তৰ ধমক।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ তিনিটাকৈ দুৰ্গম অঞ্চলৰ বাবে এম্বুলেন্স সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বিধায়ক পুঁজিৰ ধনেৰে দুৰ্গম অঞ্চল তিনিটাৰ বাবে তিনিখনকৈ এম্বুলেন্স প্ৰদান কৰা হয়। জিলা উপায়ুক্ত, জিলা যুটীয়া স্বাস্থ্য বিষয়াৰ উপস্থিতিত মানকাচৰৰ বিধায়ক আমিনুল ইছলামে এম্বুলেন্স সেৱা মুকলি কৰে। বিধায়ক পুঁজিৰ ৫০ লাখ টকাৰে ক্ৰয় কৰা এম্বুলেন্স তিনিখন বিধায়ক গৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ হাতত গতাই দিয়ে।

মানকাচৰ সমষ্টিৰ দুৰ্গম অঞ্চল সুখচৰ, কালাপানী আৰু কাকৰিপাৰাত এই এম্বুলেন্স তিনিখনে ৰোগীক সেৱা প্ৰদান কৰিব। দীৰ্ঘদিনৰ পৰা এই অঞ্চল সমূহত এম্বুলেন্স সেৱা নথকাৰ ফলত ৰোগী সকলে বিভিন্ন অসুবিধাৰ সম্মুখীন হৈ আহিছিল। এম্বুলেন্স সেৱা মুকলি কৰাত অঞ্চল সমূহৰ ৰোগীয়ে এতিয়াৰ পৰা এম্বুলেন্সৰ সুবিধা লাভ কৰাকলৈ ৰাইজ উৎফুল্লিত হৈ পৰে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচ জিলাৰ মানকাচৰ সমষ্টিৰ ৰাইজ শিক্ষাৰ লগতে উপযুক্ত স্বাস্থ্য সেৱা লাভৰ পৰা দীর্ঘদিন ধৰি বঞ্চিত হৈ আহিছে।

সমষ্টিটোৰ বিধায়ক আমিনুল ইছলামে নিৰ্বাচনৰ সময়ত সমষ্টিটোৰ ৰাইজক স্বাস্থ্য সেৱা উন্নত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বিধায়ক পুঁজিৰ ধনেৰে এম্বুলেন্স তিনিখন প্ৰদান কৰি সমষ্টিটোৰ দুৰ্গম অঞ্চলৰ বাবে এম্বুলেন্স সেৱা মুকলি কৰি বিধায়ক গৰাকীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে বুলি মন্তব্য প্ৰদান কৰে। ইফালে কেইবা কোটি টকা ব্যয় সাপেক্ষে হাটশিঙিমাৰী জিলা অসামৰিক চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে এই অসামৰিক চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈছে।

এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানৰ সময়ত বিধায়ক গৰাকীৰ লগতে জিলা উপায়ুক্ত, জিলা অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিষয়া সকলে নৱ নিৰ্মিত চিকিৎসালয়খন পৰ্যবেক্ষণ কৰে। চিকিৎসালয়খনৰ লগতে চিকিৎসা কৰ্মী সকলৰ বাসভৱন বিভাগীয় ঠিকাদাৰজনে নিৰ্মাণ কৰিছে যদিও নিৰ্মাণৰ ক্ষেত্ৰত বহু খেলি মেলি হোৱা পৰিলক্ষিত হৈছে। ঠিকাদাৰজনে দুৰ্নীতিৰ আশ্ৰয় লৈ অতি নিম্ন মানৰ কাম কৰা বিষয়টো জিলা উপায়ুক্ত পল্লৱী সৰকাৰ আৰু বিধায়ক আমিনুল ইছলামৰ চকুত পৰাত কামৰ দায়িত্বত থকা অভিযন্তাক উপায়ুক্ত গৰাকীয়ে ধমক দি পুনৰ ভালকৈ কাম কৰাৰ দিয়াৰ নিৰ্দেশ দিয়ে।