গুৱাহাটী : ড্ৰাগছ বিৰোধী (War Against Drugs) অভিযান চলাই অসম আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বৃহৎ সাফল্য। মহানগৰী গুৱাহাটীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ হে’ৰইন। হে’ৰইনখিনি জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে। অসম আৰক্ষীৰ এই সাফল্যৰ পিছতো থমকি ৰোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী সকল। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহকাৰী সকলে ৰাজ্যৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে। মঙলবাৰে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে।

এক গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক ২৫০ গ্ৰাম হে’ৰইনসহ জালত পেলাবলৈ সক্ষম হয়। মহানগৰীৰ হাতীগাঁও অঞ্চলৰ খানকত আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ হে’ৰইনসহ ঋতুমণি পাটৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।ঋতুমণি পাটৰে গুৱাহাটীৰ লগতে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ যোগান ধৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মঙলবাৰে ঋতুমণি পাটৰে ৰে’লযোগে ডিমাপুৰৰ পৰা এই বৃহৎ পৰিমাণৰ হে’ৰইনখিনি আনি এশন উবেৰ লৈ হাতীগাঁও অভিমুখে আহি থকা অৱস্থাত আৰক্ষীয়ে ঋতুমণি পাটৰক গ্ৰেপ্তাৰ কৰে। উবেৰ বাহনখনৰ পৰা আৰক্ষীয়ে চাবোনৰ বাকচত লুকুৱাই অনা ১৬ পেকেট হে’ৰইন জব্দ কৰে। জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য ২ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ঋতুমণি পাটৰক অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। ইফালে কৰিমগঞ্জ আৰক্ষীয়ে অসম-মিজোৰামৰ সীমান্তত ১৯৪ টা চাবোনৰ বাকচত লুকুৱাই অনা ২.৫ কেজি হে’ৰইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃতলোক দুজন কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বুলি জানিব পৰা গৈছে।