হাটশিঙিমাৰী : হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আমছুৰ অৱস্থান ধৰ্মঘট। হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আমছুৱে ২ ঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

বৃহস্পতিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত শালমাৰা-মানকাচৰ জিলা আমছুৱে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আমছুৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে প্ৰেট্ৰ’ল, ডিজেল, মিঠাতেল, ৰন্ধন গেছকে ধৰি নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দক্ষিণ শালমাৰা-মানকাচৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।