আজিজ আলী

নলবাৰী : নলবাৰীত ৰাইজৰ দলৰ গণ স্বাক্ষৰ অভিযান শীৰ্ষক কাৰ্যসূচী। ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ উদ্যাগত পেট্ৰল, ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গণ স্বাক্ষৰ অভিযান শীৰ্ষক কাৰ্যসূচী। চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল নলবাৰী চহৰ।

বুধবাৰে নলবাৰীত ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নলবাৰী চহৰস্থিত ড৹ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত ৰাইজৰ দলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদত এক গণ স্বাক্ষৰ অভিযান শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, ৰামৰ ৰাজ্য বুলি ৰাৱণৰ ৰাজ্য চলোৱা বিজেপি চৰকাৰ গো’ বেক, ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সদস্য সোণেশ্বৰ পাটোৱাৰীসহ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইনৰ লগতে বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে।