জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ। পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি। বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে নিধন কৰিলে ৭০ টাকৈ গাহৰি। নিধন কৰা গাহৰি সমূহৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা দিয়া হ’ব।

বিশ্বনাথত আফ্ৰিকান চোৱাইন ফিভাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা অহা এটা পশু চিকিৎসকৰ দলে নিধন কৰিলে ৭০ টাকৈ গাহৰি। যোৱা ১ মে’ত বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ শ্ৰীমতি ফুলকন এগ্ৰটেক গোট নামৰ ব্যক্তিগত ফাৰ্মত আফ্ৰিকান চোৱাইন ফিভাৰত আক্রান্ত হৈ মৃত্যু হৈছিল ১৪৩ টা গাহৰি।

ইয়াৰ পিছদিনা ফাৰ্মখনত পুনৰ মৃত্যু হৈছিল ৭ টাকৈ গাহৰি। ফলত বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা অহা ডাঃ জগন্নাথ কলিতা, ডেপুটি ডাইৰেক্টৰ, পিগাৰী, ডাঃ জীতেন বৰদলৈ, ডেপুটি ডাইৰেক্টৰ, এনিমেল হেল্থ চেণ্টাৰ, এনইআৰডিডিএল আৰু উদ্দীপন বৰা লেৱৰটৰী এচিচটেণ্ট বিশ্বনাথ জিলা পশু চিকিৎসা ৱিভাগৰ সহযোগত ফাৰ্মখনৰ অৱশিষ্ট ৭০ টা গাহৰিক বিদ্যুৎ শ্বক দি নিধন কৰে।

ফাৰ্মখনত থকা গাহৰী পোৱালী ৪০ টা, ২০ কেজি ওপৰৰ ২৫ টা, ৪০ কেজি ওপৰৰ ২ টা আৰু ১০০ কেজি ওপৰৰ ৩ টা গাহৰি নিধন কৰি পুতি ৰখা হয়। উল্লেখ্য যে বৰ্তমান সময়লৈকে আফ্ৰিকান চোৱাইন ফিভাৰৰ কোনো ধৰনৰ ঔষধ আৰু প্ৰতিষেধক নথকাৰ বাবেই এনেদৰে গাহৰি নিধন কৰিবলগীয়া হ’ল বুলি চিকিৎসকৰ দলটোৱে জানিবলৈ দিয়ে। নিধন কৰা গাহৰি সমূহৰ ক্ষতিপুৰণ ফাৰ্মৰ স্বত্বাধিকাৰক চৰকাৰৰ ফালৰ পৰা দিয়া হ’ব বুলিও জানিবলৈ দিয়ে দলটোৱে।

উল্লেখ্য যে প্ৰতাপগড় চাহ বাগিচাৰ বিভিন্ন অঞ্চলত গাহৰিৰ মৃত্যু ঘটিছে। এনেদৰে মৃত্যু হোৱা গাহৰিৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হোৱা নাছিল। এই গাহৰি সমূহ সাধাৰণ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি চিকিৎসকৰো পৰামৰ্শ গ্ৰহণ কৰা হোৱা নাছিল। উন্মুক্ত অৱস্থাত পালন কৰা এই গাহৰি সমূহৰ পৰাই ফাৰ্মখনলৈ আফ্ৰিকান চোৱাইন ফিভাৰ বিয়পি পৰাৰ সন্দেহ প্ৰকাশ কৰিছে।