গোৱালপাৰা : গোৱালপাৰাত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আছে। ৰাইজ ওলাই আহিছে বন বিভাগৰ বিৰুদ্ধে। 

ৰাজ্যত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংহত। বিশেষকৈ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দিনক দিনে অধিক জটিল হৈ পৰিছে। বিগত কিছদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে গোৱালপাৰা জিলাৰ কানকাটাত সন্ত্ৰাস চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।

জিলাখনৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত শিমলীতোলাৰ কানকাটাত বনৰীয়া হাতীৰ তাণ্ডৱৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে।ভুক্তভোগী ৰাইজৰ এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকাকলৈ অসন্তুষ্টি প্ৰকাশ কৰি বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। খাদ্যৰ সন্ধনত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে মুক্ত বিচৰণ কৰি থকাত ৰাইজ আতংকিত হৈ পৰিছে।

সম্প্ৰতি দিনে-নিশাই বৃহত্তৰ শিমলীতোলা অঞ্চলৰ ভিন্ন স্থানত অব্যাহত আছে বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে খেতি পথাৰত নামি খেতি পথাৰ নষ্ট কৰাৰ লগতে পথাৰৰ ধান খাই তচনচ কৰাৰ সমান্তৰালকৈ মানুহৰ ঘৰ-দুৱাৰ ভাঙি যথেষ্ট ক্ষতি সাধন কৰি আহিছে। আনকি বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে একাধিক লোকে।

ভুক্তভোগী ৰাইজৰ অভিযোগ বনৰীয়া হাতীৰ যাক ওলোৱাৰ খবৰ দিলেও বন বিভাগৰ লোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। বন বিভাগৰ এনে নিষ্ক্ৰিয় ভূমিকাৰ বাবে এতিয়া বিমোৰত পৰিছে ভুক্তভোগী ৰাইজ। উপায়ন্তৰ হৈ অৱশেষত বন বিভাগৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজে বনৰীয়া হাতীৰ জাকটোৰ পৰা ৰক্ষা কৰাৰ বাবে বন বিভাগক আহ্বান জনাইছে।