গুৱাহাটী : কানাডিয়ান প্রি-স্কুল মেপল বিয়েৰৰ বাৰ্ষিক দিৱস উদযাপন। গুৱাহাটীৰ এবিচিত অৱস্থিত মেপল বিয়েৰ কানাডিয়ান প্রি-স্কুলে (School) জিএমচিএইচৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ২০২২- ২৩ৰ বাৰ্ষিক দিৱস।

শিক্ষানুষ্ঠানখনৰ গৰাকী নিধী প্রবীণ গৈয়লৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এ এম টেলিভিজন প্রাইভেট লিমিটেডৰ সভাপতি ডঃ অক্ষতা নাৰাইনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো উদ্বোধন কৰে। নিধি প্রবীণ গৈয়ল কয় যে কণ কন শিশু সকলৰ মাজত দেশ প্ৰেমৰ ভাৱ জাগ্ৰত কৰাৰ বাবে বাৰ্ষিক দিৱসৰ বিষয়বস্তু বাছনি কৰা হৈছে ‘আজাদী কা অমৃত মহোৎসৱ’।

তেওঁ লগতে কয় যে এনে অনুষ্ঠান আয়োজনৰ মূল উদ্দেশ্য হৈছে যাতে যুৱচামে তেওঁলোকৰ প্ৰতিভা, অভিজ্ঞতাসমূহ এখন মঞ্চৰ জৰিয়তে দাঙি ধৰিব পাৰে। দুই বছৰৰ পৰা ছবছৰৰ ভিতৰৰ শিশুসকলে অনুষ্ঠানটোত পৰিবেশন কৰে। একেদৰে “আমি আমাৰ সন্তানৰ কথা শুনি আছো নেকি? “শীর্ষক বিষয়ৰ ওপৰত এটা অনুষ্ঠান পৰিবেশ কৰে শিশু-বিশেষজ্ঞ তথা মিডলেণ্ড চিকিৎসালয়ৰ এমডি ডাঃ সৰৈজ তিৱাৰীয়ে।

অনুষ্ঠানটোত কণ-কণ শিশু সকলে পৰিবেশ কৰা নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। চিনিয়ৰ কিণ্ডাৰ গার্টেনৰ শিক্ষর্থী সকলৰ এক অনুষ্ঠানৰ জৰিয়তে সামৰণি পৰা অনুষ্ঠানত অভিভাৱক তথা শিক্ষকসকলক আৱেগিক হৈ পৰে। মেপল বিয়েৰ হৈছে আন্তর্জাতিক পৰ্যায়ৰ প্ৰাক-বিদ্যালয় যি কানাডিয়ান পদ্ধতিৰ ওপৰত আধাৰিত আৰু ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতি ২০২০ ৰ সৈতে সম্পূৰ্ণ ৰূপে সামঞ্জস্য থকা। গৈয়লে এই বার্ষিক অনুষ্ঠানটো সফল কৰাৰ বাবে শিশু, অভিভাৱক আৰু শিক্ষকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।