গুৱাহাটী : নিশা হাতীগাঁও অঞ্চলত গৃহহীন হ’ল ১৫০ টাকৈ পৰিয়াল। নিমিষতে এক বিধ্বংসী অগ্নিকাণ্ডই (Hatigaon Fire) ভস্মীভূত কৰি পেলালে ১৫০ টাকৈ পৰিয়ালৰ বাসগৃহ। বৃহস্পতিবাৰে নিশাৰ ভাগত হাতীগাঁৱৰ অজন্তা পথত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।

জানিব পৰা মতে এই বিধ্বংসী অগ্নিকাণ্ডত কোনো লোকে হতাহত হোৱা নাই যদিও নিজৰ বাসগৃহ হেৰুৱাই কান্দোনত ভাঙি পৰে পৰিয়াল কেইটা। নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে জুইত জাহ যায়। জানিব পৰা মতে ৰিজু আলী নামৰ এজন লোকৰ ঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈছিল।

ৰিজু আলীৰ ঘৰত বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মুহূৰ্ততে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত জুইৰ লেলিহান শিখা অন্য বাসগৃহ সমূহলৈ বিয়পি যায়। বাসগৃহ সমূহত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটনা জুইয়ে অধিক বিধ্বংসী ৰূপ ধাৰণ কৰি নিমিষতে ভস্মীভূত কৰি পেলাই কেইবালক্ষাধিক টকাৰ সম্পত্তি।

অগ্নিকাণ্ডত গৃহহীন হোৱা এগৰাকী মহিলাই জানিবলৈ দিয়ে “নিশা কেনেকৈ জুইৰ সূত্ৰপাত হ’ল নাজানো, হঠাৎ অঞ্চলটোৰ চাৰিওফালে জুই আৰু জুই দেখি আমি ঘৰৰ ভিতৰত পৰা বাহিৰলৈ ওলাই যাওঁ। আমি বহু চেষ্টা কৰিও আমাৰ কোনো এটা বস্তু জুইৰ পৰা ৰক্ষা কৰিব নোৱাৰিলোঁ।” অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ ১৫ খনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হয়।

কেইবা ঘণ্টা ধৰি অগ্নি নিৰ্বাপক বাহিনীৰ লোকে চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ভস্মীভূত হোৱা অধিক সংখ্যা ঘৰ খেৰৰ ঘৰ আছিল। অগ্নিকাণ্ডত দুখনকৈ চাৰিচকীয়া বাহনো ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে।