গুৱাহাটী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যকলৈ উত্তাল দেশৰ ৰাজনৈতিক পৰিৱেশ। দেশজুৰি কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। অসমতো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ আক্ৰমণ চলাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ সম্পৰ্কে এক বিতৰ্কিত মন্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ কর্মী সকলে দেশজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে। সোমবাৰে অসমতো কংগ্ৰেছ কর্মী সকলে ঠায়ে ঠায়ে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

সোমবাৰে দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ইয়াৰ বিৰুদ্ধে এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে ৰাজীৱ ভৱনত এক মৌন ব্ৰত কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাসহ কেইবাগৰকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ভাষা নাই সেইহে আমি মৌন ব্ৰত কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মই মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত ক্ষমা খুজিব নকওঁ কাৰণ তেওঁ ক্ষমা নোখোজে মই জানো”। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপিৰ কেন্দ্ৰিয় নেতৃত্বক এই সম্পৰ্কে স্পষ্টীকৰণৰ দিয়াৰো দাবী জনায়।