আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে দেওবাৰে শিৱসাগৰ জিলাৰ ৫ খন পৌৰসভাৰ ভিতৰত ৪ খন পৌৰসভাৰ বাবে মনোনীত প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰে।দলটোৱে শিৱসাগৰ, নাজিৰা, শিমলুগুৰি আৰু ডিমৌ পৌৰসভাৰ বাবে সৰ্বমুঠ ৪৪ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

ভাৰতীয় জনতা পাৰ্টিয়ে শিৱসাগৰ পৌৰসভাৰ ১৪ ৱাৰ্ডৰ ভিতৰত ১১ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব। দলটোৱে মিত্ৰ দল অসম গণ পৰিষদক ২, ৩ আৰু ৯ নং ৱাৰ্ড এৰি দিছে। এই ৱাৰ্ড কেইটাত মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। একেদৰে দলটোৱে নাজিৰা, শিমলুগুৰি আৰু ডিমৌ পৌৰসভাৰ ৩০ আসনৰ বাবে ৩০ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।

নাজিৰাত দলটোৱে মিত্ৰ দল অসম গণ পৰিষদক ৩ খন আসন, শিমলুগুৰি পৌৰসভাত ১ খন আসন আৰু ডিমৌ পৌৰসভাত ২ খন আসন এৰি দিছে। উল্লেখযোগ্য যে আসন বুজাপৰাক লৈ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ সৈতে সহমতত উপনীত হ’ব নোৱাৰাৰ বাবে এতিয়ালৈ আমগুৰি পৌৰ সভাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হোৱা নাই।

ঘোষণা কৰা তালিকাত এইবাৰ বুজন সংখ্যক মহিলা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে। তালিকাত অন্তৰ্ভূক্ত হোৱা কণিষ্ঠতম প্ৰাৰ্থী গৰাকী হৈছে শিমলুগুৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ বাবে প্ৰতিদ্বন্দিতা কৰা ২৩ বছৰীয়া পুনম দেৱী। আনহাতে ডিমৌ পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ পৰা মনোনীত প্ৰাৰ্থী ৬৭ বছৰীয়া গুণদা ৰাজখোৱা দুৱৰী হৈছে আটাইতকৈ বয়োজ্যেষ্ঠ প্ৰাৰ্থী।প্ৰাৰ্থী সকলৰ ভিতৰৰ ১৩ গৰাকী স্নাতক ডিগ্ৰী ধাৰী আৰু এগৰাকী স্নাতকোত্তৰ ডিগ্ৰী ধাৰী।