বজালী : বজালীৰ গলিয়া টোলগেটত কৰ্মচাৰীৰ প্ৰতিবাদ। শালবাৰীৰ মহকুমা আৰক্ষী বিষয়া সমিৰন বৈশ্যই টোলগেটৰ কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ।বজালী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। টোলগেটৰ কৰ্মচাৰীয়ে পথচাৰীক অসভ্য আচৰণ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।

বজালী জিলাৰ ভাৱনীপুৰ গলিয়াত থকা টোলগেটত আৰক্ষী বিষয়া সমীৰণ বৈশ্য টোলগেটৰ কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰি টোলগেটৰ কৰ্মচাৰী সকলে প্ৰতিবাদ সাৱ্যস্ত কৰে। আৰক্ষী বিষয়া গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে টোলগেট অতিক্ৰম কৰি থকাৰ সময়তে টোলগেট কৰ্মচাৰীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।

আৰক্ষী বিষয়া গৰাকীয়ে নিজকে শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া বুলি চিনাকী দিয়াৰ পিছত তেখেতক যাৱলৈ দিয়ে। ইয়াৰ পিছতে টোলগেটৰ অন্য এগৰাকী কৰ্মচাৰীয়ে পুনৰ আৰক্ষী বিষয়া গৰাকীৰ পৰিচয় জানিৱ বিচৰাত পুনৰ তৰ্কাতকিত লিপ্ত হোৱাৰ উপৰিও আৰক্ষী বিষয়া গৰাকীয়ে কৰ্মচাৰীজনক প্ৰহাৰ কৰি ভৱানীপুৰ আৰক্ষী চকীলৈ উঠাই নিয়ে।

এই ঘটনাক কেন্দ্ৰ কৰি টোলগেটৰ কৰ্মচাৰী সকল ক্ষুণ্ন হৈ পৰে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে। টোলগেটৰ কৰ্মচাৰী সকলে যান বাহনৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত তাৎক্ষণিকভাৱে বজালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি যান বাহন চলাচল নিয়মিয়া কৰাৰ লগতে উক্ত ঘটনাৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে টোলগেটখনত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে প্ৰায়ে পথচাৰীক অসভ্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। টোলগেটখনত প্ৰায়ে পথচাৰী আৰু টোলগেট কৰ্মচাৰীৰ মাজত
তৰ্কাতকিতৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়।