বৰপেটা, সংবাদ ৩৬৫, ২ অক্টোবৰ: ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিছনৰ উদ্যোগত বৰপেটা জিলাৰ চৰাঞ্চলত অনুষ্ঠিত হয় এক বিশাল স্বাস্থ্য শিবিৰ। সেনাৰ সদ্ভাৱনা কাৰ্যসূচীৰ অংশ স্বৰূপে জিলাখনৰ বহৰিৰ নিকটৱৰ্তী গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হয় এই কাৰ্যসূচী।

তাৰাবাৰী চৰ, বালাপাৰা চৰ, গোমা চৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁৱসমূহৰ ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হৈছিল এই কাৰ্যসূচী। সেনাবাহিনীৰ চিকিৎসক আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱা হয় শিবিৰখনত।

ইয়াৰ উপৰিও এই শিবিৰত মহিলা চিকিৎসকে ধৰি দন্ত চিকিৎসক আৰু বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকেও যুক্ত হৈ সেৱা আগবঢ়ায়। এই স্বাস্থ্য শিবিৰৰ জৰিয়তে স্বাস্থ্য, অনাময়, পৰিষ্কাৰ পৰিচ্ছন্নত আদি দিশত সজাগতা অনাৰ লগতে ভাৰতীয় সেনাত যোগদানৰ বাবে আগ্ৰহী যুৱক-যুৱতীক কাউন্সিলিংও কৰা হয়।

সেনা বাহিনীৰ এই কেম্পত কেইবাটাও অস্থায়ী জিৰণি চৰা, মহিলা-পুৰুষৰ বাবে পৃথক অস্থায়ী প্ৰসাৱগাৰ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে পানী, খোৱা পানী, জলপান আদিৰো ব্যৱস্থা কৰা হয়। এই শিবিৰৰ জৰিয়তে ৩২০০ ব্যক্তিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু বিনামূলীয়া দৰব বিতৰণ কৰা হয় বুলি সেনাই জানিব দিছে।

ইপিনে ভাৰতীয় সেনাৰ এই কাৰ্যসূচীত অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনতো অন্যান্য দুৰ্গম তথা পিছপৰা চৰাঞ্চলত এনে কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবেও আহ্বান জনায়, সেনা সূত্ৰেও এনে আহ্বানৰ সঁহাৰি জনোৱাৰ বাবে আলোচনা কৰা হ’ব বুলিও প্ৰকাশ কৰে।