গুৱাহাটী : পুৱৰ ভাগৰ পৰা অহা বৰষুণ জাকে বুৰাই পেলালে মহানগৰী গুৱাহাটীৰ বহু অঞ্চল। নেৰানপেৰা বৰষুণত ডুব গ’ল মহানগৰীৰ অভিজাত্য। অৱশ্যে এইয়া কোনো নতুন কথা নহয়। এজাক বৰষুণতেই বুৰ যায় মহানগৰীৰ ৰাজপথ, অলি-গলি।

শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা অহা নেৰানপেৰা বৰষুণ জাকে পুনৰ গৰ্ব চূৰ্ণ কৰিলে মহানগৰী গুৱাহাটীৰ। মাত্ৰ ১০ মিনিটৰ এজাক বৰষুণতে কৃত্ৰিম বানপানীত বুৰ যোৱা মহানগৰী গুৱাহাটীৰ অৱস্থা নেৰানেপেৰা বৰষুণত কি হ’ব পাৰে ইয়াৰ অনুমান সহজে কৰিব পাৰি। পুৱাৰ ভাগৰ পৰা অহা বৰষুণ জাকৰ ফলত বৰ্তমান বহু অঞ্চল পানীত তলত।

মহানগৰী গুৱাহাটীৰ এই কৃত্ৰিম বান ৰোধ কৰাৰ সপোন প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে মহানগৰীবাসীক দেখুৱাই যদিও মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধান আজি পৰ্যন্ত নহ’ল। কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু সেইয়া ফুটুকাৰ ফেনত পৰিণত হ’ল।

প্ৰতিজাক বানপানীতেই মহানগৰীৰ জুৰোড, গীতানগৰ, ৰাজগড়, ভঙাগড়, হাতীগাওঁ আদি অঞ্চল কৃত্ৰিম বানপানীত বুৰ যায়। যাৰ ফলত সৃষ্টি হয় তীব্ৰ যানযঁটৰ। এই কৃত্ৰিম বানপানীয়ে প্ৰতিবাৰেই অভিজাত মহানগৰীৰ গৰ্ব চূৰ্ণ কৰে যদিও ইয়াৰ কোনো সমাধান ওলাবলৈ সক্ষম নহ’ল চৰকাৰ তথা প্ৰশাসন।

শুকুৰবাৰে পুৱাৰ ভাগত অহা নেৰানেপেৰা বৰষুণৰ ফলত একে পৰিস্থিতি দেখিবলৈ পোৱা গ’ল মহানগৰীৰ হাতীগাঁও, ৰুক্মিণীগাঁও, চান্দমাৰী, জু ৰোডৰ লগতে বিভিন্ন অঞ্চলত। ৰাজপথৰ ওপৰত একাঠু পৰ্যন্ত পানী। ৰুক্মিণীগাঁৱৰ ৰাজপথেৰে একঁকাল পানী ভাঙি ৰাইজ পুৱাৰ ভাগত নিজ নিজ কৰ্মস্থলীলৈ যাবলৈ বাধ্য হয়।