মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ তাণ্ডৱ। কালো নদীৰ ওপৰত থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দলংৰ তলেৰে বাংলাদেশত প্ৰৱেশ বনৰীয়া হাতীৰ জাকটোৰ।

পুৱাৰ ভাগত বৰষুণৰ মাজত বনৰীয়া হাতীৰ জাকটো পুনৰ উভতি আহি মেঘালয়ৰ গাৰো পাহাৰত আশ্ৰয় লয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কালো গাঁৱত বৃহস্পতিবাৰে নিশা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে তাণ্ডৱলীলা চলায়।

বনৰীয়া হাতীৰ জাকটো কালো গাঁৱত প্ৰৱেশ কৰি খেতি পথাৰত উপদ্ৰৱ চলায়। পৰৱৰ্তী সময়ত কালো নদীৰ ওপৰত থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দলং এখনৰ তলেৰে বনৰীয়া হাতীৰ জাকটো বাংলাদেশলৈ প্ৰৱেশ কৰে।বনৰীয়া হাতীৰ জাকটো নিশাৰ ভাগত বাংলাদেশৰ খেতি পথাৰ তহিলং কৰাৰ লগতে এজন লোকৰ ঘৰ দুৱাৰ ভাঙি নষ্ট কৰে।

বনৰীয়া হাতীৰ জাকটো পুৱাৰ ভাগত পুনৰ কালো নদীৰ দলংখনৰ তলেৰে ভাৰতত প্ৰৱেশ কৰি মানকাচৰ হৈ মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰো পাহাৰত আশ্ৰয় লয়। খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকটো এইদৰে গাৰো পাহাৰৰ পৰা জনাঞ্চললৈ নামি অহাত মানকাচৰৰ সাধাৰন ৰাইজৰ মাজত নিশা হাহাকাৰজনক পৰিৱেশৰ সৃষ্টি হৈছিল।