গুৱাহাটী : অধিক জটিল হোৱাৰ দিশত গুৱাহাটীৰ বান পৰিস্থিতি। অব্যাহত আছে ধাৰাষাৰ বৰষুণৰ। বৰষুণৰ ধাৰা এইদৰে অব্যাহত থাকিলে মহানগৰী গুৱাহাটীৰ ন ন অঞ্চল কৃত্ৰিম বানপানীত ডুব যোৱাৰ সম্ভাৱনা। এতিয়াও পানীৰ তলত হাতীগাঁও, ৰুক্মিণীগাঁও, অনিল নগৰ আৰু নবীন নগৰৰ বিস্তীৰ্ণ অঞ্চল।

সোমবাৰে নিশাৰ ভাগত পৰা আৰম্ভ হোৱা বৰষুণ জাকে মহানগৰী গুৱাহাটীত কৃত্ৰিম বানপানী সৃষ্টি কৰিছে। হাতীগাঁও, ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে কৃত্ৰিম বানপানীত। বুধবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছিল।

পুৱাৰ ভাগত কিছু অঞ্চলত পানী নামি যোৱা পৰিলক্ষিত হৈছিল যদিও দুপৰীয়াৰ ভাগত পুনৰ অহা ধাৰাষাৰ বৰষুণ জাকে গুৱাহাটীৰ বান পৰিস্থিতি জটিল কৰি কৰাৰ সম্ভাৱনাই দেখা দিছে। ইফালে অনিল নগৰ আৰু নবীন নগৰৰ বান পৰিস্থিতি বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে। অঞ্চল দুটাত বহু লোকৰ ঘৰৰ ভিতৰত এতিয়াও পানী আছে।

প্ৰশাসনে মটৰ লগাই অনিল নগৰ আৰু নবীন নগৰৰ পানী ভৰলু নৈত পেলাইছে যদিও ভৰলু নৈ ওফন্দি উঠাত পানী নিষ্কাষণত প্ৰশাসন বিফল হোৱা পৰিলক্ষিত হৈছে। ফলত অনিল নগৰ আৰু নবীন নগৰত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চল দুটাৰ বহু লোকে ঘৰ এৰি ওলাই আহিবলৈ বাধ্য হৈছে। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে অনিল নগৰ আৰু নবীন নগৰৰ বহু লোকে।