গুৱাহাটী : সোমবাৰে নিশাৰ ভাগৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হৈছে এক অভাৱনীয় পৰিৱেশ। মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানপানীত ডুব যোৱাৰ লগতে পাহাৰীয়া অঞ্চলত তাণ্ডৱ চলাইছে ভূমিস্খলনে। কৃত্ৰিম বানপানী আৰু ভূমিস্খলনৰ ফলত ৫ জনকৈ লোক মৃত্যু মুখত পৰিছে।

সোমবাৰে নিশাৰ ভাগত গুৱাহাটীৰ বৰাগাঁও অঞ্চলত পাহাৰৰ মাটি খহি ৪ জনকৈ লোক আৱদ্ধ হৈ পৰে মাটিৰ তলত। বৰাগাঁৱৰ নিজৰাপাৰাত নিশা অহাৰ গ্ৰহণ কৰি শুই থকা অৱস্থাত পাহাৰৰ মাটি খহি ঘৰৰ দেৱাল ভাঙি ৪ জনকৈ লোকক পুতি পেলায়। ঘটনাৰ খবৰ পাই নিশাই প্ৰশাসন আৰু এছ ডি আৰ এফ বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

মঙলবাৰে পুৱাৰ ভাগত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই পাহাৰৰ মাটিৰ তলত আৱদ্ধ হৈ থকা লোক ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত লোক ৪ জন ক্ৰমে মনোৱাৰ হুছেইন, মতিউৰ হক, আমৰুল হক আৰু হাচিনুৰ আলী বুলি জানিব পৰা গৈছে। আটাইকেইজন মিস্ত্ৰীৰ কাম কৰিছিল।

ইফালে কৃত্ৰিম বানে জলমগ্ন কৰি ৰখা মহানগৰী গুৱাহাটীৰ অনিল নগৰত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। লোকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও প্ৰশাসনে স্বাভাৱিক মৃত্যু বুলি প্ৰকাশ কৰিছে। কৃত্ৰিম বানপানীৰ বাবে লোকজনৰ মৃতদেহ ওলাই আনিব পৰা নাই বুলিও প্ৰশাসনে জানিবলৈ দিয়ে।